অসম

assam

ETV Bharat / state

দহ বছৰ কষ্টত থাকিলে আৰু দুমাহ কষ্টৰে থাককঃ হিমন্ত - দহ বছৰ কষ্টত থাকিলে আৰু দুমাহ কষ্টৰে থাককঃ হিমন্ত

সোমবাৰে শিলচৰত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ বিজেপিৰ ৰাষ্ট্ৰীয় একতা অভিযানৰ অধীনত আয়োজন কৰা জন জাগৰণ সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷

শিলচৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

By

Published : Sep 23, 2019, 10:19 PM IST

শিলচৰ, 23 চেপ্তেম্বৰঃ শিলচৰত আয়োজিত হোৱা বিজেপিৰ ৰাষ্ট্ৰীয় একতা অভিযানৰ সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বিজেপিয়ে আয়োজন কৰা জন জাগৰণ সভাত অংশগ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু শৰনাৰ্থী শিৱিৰক লৈ সৰৱ হৈ পৰে মন্ত্ৰীগৰাকী ৷

"গোৱালপাৰাত যি শৰনাৰ্থী শিৱিৰ নিৰ্মান হৈ আছে সেয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ আওতাৰ বাহিৰত থকা লোকসকলৰ বাবে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ আওতাত অহা লোকসকলে এই বিষয়ে চিন্তা কৰিব নালাগে ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কংগ্ৰেছে প্ৰথমৰ পৰাই প্ৰতিবাদ কৰি আহিছে ৷ ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰাৰ সময়টো কংগ্ৰেছে ইয়াক সমৰ্থন কৰা নাছিল ৷ বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়ে উল্লেখ আছিল ৷ লোকসভা নিৰ্বাচনত ৰাইজে বিজেপিক ভোট দি নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰিছে ৷ অসমত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ হোৱা নাই, মই দেখা নাই ৷" সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত এইদৰে উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মন্ত্ৰী হিমন্ত

আনহাতে অক্টোৱৰ মাহৰ 5 তাৰিখে উত্তৰ-পূব ভ্ৰমণলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ৷ মিজোৰামত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ নৱেম্বৰ মাহত সংসদৰ শীতকালীন অধিবেশনত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ৰাজনৈতিক দলসমূহৰ লগতে ৰাজনৈতিক নেতাসকলৰ সৈতে অমিত শ্বাহে আলোচনাত মিলিত হোৱাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ইফালে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত শৰ্মাই কয় যে, ইয়াৰ বিৰোধিতা অসমীয়া মানুহে কৰা নাই, ইয়াৰ বিৰোধিতা কৰিছে একমাত্ৰ কংগ্ৰেছ আৰু সুস্মিতা দেৱে ৷

শিলচৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে অঞ্চলৰ ক্ষীপ্ৰ উন্নয়নৰ ওপৰতো বাৰ্তালাপ কৰে ৷ শিলচৰ তথা ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত চিকিৎসক নথকা চিকিৎসালয় নাই ৷ অঞ্চলটোৰ বাট-পথসমূহৰ অৱস্থাও আগতকৈ উন্নত হৈছে ৷ শিলচৰস্থিত অসম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সৈতেও মন্ত্ৰীগৰাকীয়ে আলোচনাত মিলিত হোৱাৰ কথা উল্লেখ কৰে ৷ বিশ্ববিদ্যালয়খনে সন্মুখীন হোৱা সমস্যাসমূহো শীঘ্ৰেই সমাধান কৰা হ'ব বুলি কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ যদিহে কাৰোবাৰ দৃষ্টিত কোনোবাখিনিত উন্নয়ন নোহোৱা পৰিলক্ষিত হৈছে সেয়া মন্ত্ৰীগৰাকীক জনাবলৈ অনুৰোধ জনায় হিমন্ত বিশ্ব শৰ্মাই ৷

ABOUT THE AUTHOR

...view details