অসম

assam

ETV Bharat / state

শিলচৰত 40খন বিচনাযুক্ত ICU মুকলি কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

উল্লেখ্য যে,অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু পৰৱৰ্তী পৰ্যায়ৰ তদন্ত সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে মন্ত্ৰী গৰাকী ৷

Himanta Bishwa Sharma Inaugurates 40-Bed ICU At SMC
শিলচৰত 40খন বিচনা যুক্ত ICU মুকলি কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

By

Published : Sep 26, 2020, 6:07 PM IST

শিলচৰ, 26 চেপ্তেম্বৰঃ শিলচৰ মেডিকেল কলেজ হাস্পতালত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে 40 খন বিছনাযুক্ত আই ছি ইউ কক্ষ ৷ উদ্ধোধনৰ পাছতেই আই ছি ইউ পৰিদৰ্শন কৰি অতি শীঘ্ৰে আৰু এটা 60 খন বিছনাযুক্ত আই ছি ইউ মুকলি কৰাৰ কথা সাংবাদিকৰ আগত প্ৰকাশ কৰিলে মন্ত্ৰীগৰাকীয়ে ৷ ইমানেই নহয়,অনাগত 15 দিনৰ ভিতৰত শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ আৰু এটা প্লাজমা মেছিন আহিব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷

শিলচৰত 40খন বিচনা যুক্ত ICU মুকলি কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কৰ'ণা ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ পৰিস্থিতি স্বাভাৱিক হৈ আছে যদিও কাছাৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ হ'বলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব ৷ উল্লেখ্য যে,অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু পৰৱৰ্তী পৰ্যায়ৰ তদন্ত সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে মন্ত্ৰী গৰাকী ৷

আই ছি ইউৰ উদ্ধোধনী অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে শিলচৰ মেডিকেলৰ অধ্যক্ষ বাবুল বেজবৰুৱা, অধীক্ষক অভিজিৎ স্বামী, জিলা উপায়ুক্ত কীৰ্তি জল্লীৰ লগতে সকল সাংসদ বিধায়ক । সমান্তৰালকৈ একেটা দিনতে আন এখন ৫০০ বিচনাযুক্ত নতুন হাস্পতালৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী গৰাকীয়ে ।

ABOUT THE AUTHOR

...view details