শিলচৰ, 19 এপ্ৰিল: কাছাৰ জিলাৰ সোনাই বিধানসভা সমষ্টি ধনহেৰিৰ 463 নং মধ্য ধনেহৰি প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত কাইলৈ অৰ্থাৎ মঙলবাৰে অনুষ্ঠিত হ‘ব পুনৰ নিৰ্বাচন ৷ ইতিমধ্যে ভোটকেন্দ্ৰখনত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ৷
সোমবাৰে ভোটকেন্দ্ৰটোত নিৰাপত্তাৰ দিশ পৰ্যবেক্ষণ কৰিবলৈ উপস্থিত হয় আই জি দেৱজিৎ মুখাৰ্জী, আইজিপি দীপক কেডিয়া আৰু কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক বি. আৰ. মিনা ৷ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি কাইলৈ উক্ত কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণৰ সকলো প্ৰক্ৰিয়াৰ বুজ লয় শীৰ্ষ আৰক্ষী বিষয়াসকলে ৷