অসম

assam

ETV Bharat / state

বিশিষ্ট ইছলামীক চিন্তাবিদ পীৰ মৌলানা চৈয়দ আতাউৰ ৰহমান দেহাৱসান - উত্তৰ পূৰ্বাঞ্চলৰ মুছলিম সমাজ

দীৰ্ঘ দিন ধৰি তেঁও মধুমেহ আৰু বৃক্ক জনিত ৰোগত আক্ৰান্ত হৈ আছিল ৷ প্ৰয়াত পীৰ মৌলানা চৈয়দ আতাউৰ ৰহমান এজন বিদগ্ধ ইছলামীক পণ্ডিত আছিল ৷

Hazrat pir Maulana ataur Rahman is dead udhar band.
বিশিষ্ট ইছলামীক চিন্তাবিদ পীৰ মৌলানা চৈয়দ আতাউৰ ৰহমান দেহাৱসান

By

Published : Sep 20, 2020, 9:50 PM IST

শিলচৰ,20 ছেপ্তেম্বৰঃ বৰাক উপত্যকা তথা উত্তৰপূৰ্বাঞ্চলৰ বিশিষ্ট ইছলামীক চিন্তাবিদ ও হজৰত মোহম্মদৰ বংশধৰ পীৰ মৌলানা চৈয়দ আতাউৰ ৰহমান দেহাৱসান ৷ দেওবাৰে আবেলি কাছাৰ জিলাৰ উধাৰবন্ধৰ নিজ বাসভৱনত শেষ নিঃশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ কালত তেওঁৰ বয়স আছিল ৬২ বছৰ ৷

বিশিষ্ট ইছলামীক চিন্তাবিদ পীৰ মৌলানা চৈয়দ আতাউৰ ৰহমান দেহাৱসান

উল্লেখযোগ্য যে, দীৰ্ঘ দিন ধৰি তেঁও মধুমেহ আৰু বৃক্ক জনিত ৰোগত আক্ৰান্ত হৈ আছিল ৷ প্ৰয়াত পীৰ মৌলানা চৈয়দ আতাউৰ ৰহমান এজন বিদগ্ধ ইছলামিক পণ্ডিত আছিল ৷ উত্তৰ পূৰ্বাঞ্চলৰ আহলে চুন্নত ওয়াল জামাতৰ অন্যতম উপদেষ্টাৰ মৃত্যুত সমগ্ৰ বৰাক উপত্যকা সহ উত্তৰ পূৰ্বাঞ্চলৰ মুছলিম সমাজত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে ৷ ইপিনে সোমবাৰে দুপৰীয়া ২ বজাত তেওঁৰ জানাজাৰ নামাজ অনুষ্টিত হ’ব বুলি জানিব পৰা গৈছে ৷ মৃত্যুৰ সময়ত তেঁও পত্নী, তিনি পুত্ৰ আৰু এগৰাকী ছোৱালী সহ অসংখ্য শিষ্য আৰু গুণমুগ্ধ ইহসংসাৰত এৰি থৈ যায় ৷


লগতে পঢ়কঃৰাজ্য চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা নিবনুৱা যুৱক-যুৱতীৰ

ABOUT THE AUTHOR

...view details