ডিমা হাছাও,7 আগষ্ট : ভাৰতৰত্ন তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামত থকা বিদ্যালয়খন বন্ধ হোৱাৰ দিশে ৷ হাফলঙস্থিত একমাত্ৰ অসমীয়া বিদ্যালয়খন বন্ধ হোৱাৰ পৰিকল্পনা চূড়ান্ত কৰি তুলিছে বৰ্তমানৰ বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে ৷ দুমাহ পূৰ্বে এই বিদ্যালয়খন বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক চূড়ান্ত ভাৱে অপমান কৰিছে বুলি মন্তব্য কৰে একাংশ লোকে ৷ ১৯৫৪ চনত স্থাপিত হোৱা বিদ্যালয়খনত ২৯ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ৮ জন শিক্ষয়ত্ৰী আছে ।
বিদ্যালয় গুচি পাৰ্কিঙৰ দিশে হাফলঙৰ এখন অসমীয়া মাধ্যমৰ বিদ্যালয় - শিক্ষা বিভাগ
বন্ধ হোৱাৰ দিশত হাফলঙস্থিত ভাৰতৰত্ন তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামত থকা বিদ্যালয়খন ৷ বিদ্যালয়খনৰ ঠাইত পাৰ্কিং বনোৱাৰ পৰিকল্পনা কৰিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বাংলা মাধ্যমৰ পিসীমা প্ৰাথমিক বিদ্যালয়খন বন্ধ কৰি স্বায়ত্ব শাসিত পৰিসদে সেই স্থানত অটোৰিক্সা পাৰ্কিং স্থাপন কৰিছিল ৷ বৰ্তমানেও ডিমা হাছাও জিলাত অৱস্থিত একমাত্ৰ অসমীয়া প্ৰাথমিক বিদ্যালয়খন বন্ধ কৰি সেই স্থানত যান-বাহন পাৰ্কিং স্থাপন কৰাৰ পৰিকল্পনা কৰিছে পৰিষদে। বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদখনে হাফলং চহৰৰ মুঠ ৭ খন প্ৰাথমিক বিদ্যালয় বন্ধ কৰাৰ চূড়ান্ত পৰিকল্পনা গ্ৰহণ কৰি এখন মডেল বিদ্যালয় গঢ়ি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰিছে বুলি ডিমা হাছাও জিলাৰ শিক্ষা বিভাগৰ সূত্ৰে জানিব পৰা গৈছে ৷ ইফালে, একমাত্ৰ অসমীয়া মাধ্যমৰ বিদ্যালয়খন বন্ধ হোৱাৰ সিদ্ধান্তত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকলৰ পিতৃ-মাতৃ ৷