অসম

assam

By

Published : Apr 1, 2021, 9:30 PM IST

Updated : Apr 1, 2021, 10:41 PM IST

ETV Bharat / state

সোনাইৰ ধনেহৰীৰ ভোট কেন্দ্ৰত গুলীয়াগুলি

কাছাৰ জিলাৰ সোনাইৰ ধনেহৰীত সংঘটিত হৈছে নিৰ্বাচনী হিংসাৰ ঘটনা ৷ ভোট কেন্দ্ৰত বিজেপি প্ৰাৰ্থী আমিনুল হক লস্কৰ উপস্থিত হোৱাৰ পাচতে উত্তপ্ত হয় পৰিস্থিতি ৷ ভোটাৰ আৰু প্ৰাৰ্থী গৰাকীৰ মাজত সৃষ্টি হয় কথাৰ কটাকটি ৷ বাকযুদ্ধই শেষত উত্তপ্ত পৰিস্থিতিৰ ৰূপ লয় ৷ কাৰণ বিজেপি প্ৰাৰ্থী আমিনুল হক লস্কৰে এজন স্থানীয় ভোটাৰক চৰ সোধোৱাত অধিক উত্তেজিত হৈ পৰে স্থানীয় লোক ৷

সোনাইৰ ধনেহৰীৰ ভোট কেন্দ্ৰত গুলীয়াগুলি
সোনাইৰ ধনেহৰীৰ ভোট কেন্দ্ৰত গুলীয়াগুলি

শিলচৰ,1 এপ্ৰিল:কাছাৰ জিলাৰ সোনাইৰ ধনেহৰীত সংঘটিত হৈছে নিৰ্বাচনী হিংসাৰ ঘটনা ৷ ভোট কেন্দ্ৰত বিজেপি প্ৰাৰ্থী আমিনুল হক লস্কৰ উপস্থিত হোৱাৰ পাচতে উত্তপ্ত হৈ পৰে পৰিস্থিতি ৷ ভোটাৰ আৰু প্ৰাৰ্থী গৰাকীৰ মাজত সৃষ্টি হয় কথাৰ কটাকটি ৷ বাকযুদ্ধই শেষত উত্তপ্ত পৰিস্থিতিৰ ৰূপ লয় ৷ কাৰণ বিজেপি প্ৰাৰ্থী আমিনুল হক লস্কৰে এজন স্থানীয় ভোটাৰক চৰ সোধোৱাত অধিক উত্তেজিত হৈ পৰে স্থানীয় লোক ৷

সোনাইৰ ধনেহৰীৰ ভোট কেন্দ্ৰত গুলীয়াগুলি

ভোটদান শেষ হোৱাৰ সময়তে উত্তপ্ত হৈ পৰা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় ৷ আক্ৰমণত লস্কৰৰ কোনো বিশেষ ক্ষতি নাই হোৱা যদিও তেখেতৰ তিনিগৰাকী দেহৰক্ষী আহত হোৱাৰ লগতে তিনি গৰাকী স্থানীয় যুৱক আৰক্ষীৰ গুলিত গুলীবিদ্ধ হয় ৷ অৱশ্যে আহত সকলক শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

উল্লেখ্য যে, 2016 চনতে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা আমিনুল হক লস্কৰৰ কথাৰ পৰা সূত্ৰপাত হোৱা এই হিংসাত্মক ঘটনাৰ বাবে ঘটনাস্থলীলৈ অতিৰিক্ত আৰক্ষী আৰু চি আৰ পি এফৰ দল মোতায়েন কৰিব লগা হয় ৷

লগতে পঢ়ক:কাটিগড়াত ভোটকেন্দ্ৰত শিলাবৰ্ষণ

Last Updated : Apr 1, 2021, 10:41 PM IST

ABOUT THE AUTHOR

...view details