অসম

assam

By

Published : Feb 15, 2020, 11:36 PM IST

ETV Bharat / state

কাছাৰত বহিৰাগতৰ গুণ্ডাৰাজ : ইটা ভাটাৰ ফলত বিনষ্ট পৰিৱেশ

কাছাৰত অবৈধ ইটা ভাটাই বিনষ্ট কৰিছে স্থানীয় লোকৰ দৈনন্দিন জীৱন ৷ ইটা ভাটাৰ ফলত সাধাৰণ ৰাইজে দূৰ্ভোগ ভোগাৰ লগতে ভিতিগ্ৰস্ত হ'বলগা হৈছে ৷

বহিৰাগতৰ গুণ্ডাৰাজ
কাছাৰত অবৈধ ইটা ভাটা

কাছাৰ, 15 ফেব্ৰুৱাৰী : কাছাৰত ৰাজ কুমাৰ সিং নামৰ এজন ব্যক্তিৰ অবৈধ ইটা ভাটাৰ বাবে দূৰ্ভোগ ভুগিবলগা হৈছে স্থানীয় ৰাইজে ৷ এই অবৈধ ইটা ভাটাৰ বিৰুদ্ধে স্থানীয় ৰাইজে বহুবাৰ অভিযোগ কৰিছে যদিও ৰহস্যজনকভাবে আৰক্ষী প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷

কাছাৰ জিলাৰ সোনাই সমষ্টিৰ কাজিডহৰৰ প্ৰিয়া নামৰ ইটা ভাটাটোৰ নিচেই কাষতে থকা লোকসকলে কষ্ট ভূগিব লগা হৈছে ৷ ইটা ভাটাৰ পৰা নিৰ্গত বিষাক্ত দ্ৰব্যৰ পৰা শিশুসকলৰ মাৰাত্মক ৰোগ হোৱাৰ লগতে খোৱা পানী প্ৰদূষণ আৰু শাক-পাচলি নষ্ট হৈ আহিছে ৷ ইয়াৰোপৰি, দিনে-নিশাই ইটা ভাটাৰ কাম চলি থকাৰ বাবে ওচৰৰ পৰিয়ালকেইটাৰ ল'ৰা-ছোৱালী সকলৰো পঢ়া-শুনাত ব্যাঘাত জন্মিছে ৷

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, ইটা ভাটাৰ মালিক ৰাজ কুমাৰক এই সম্পৰ্কত অভিযোগ কৰিলে তেওঁ স্থানীয় লোকক ধমকি দিয়া আৰম্ভ কৰে ৷ সেয়েহে তেওঁলোকে জিলা প্ৰশাসনক এখন লিখিত অভিযোগ দাখিল কৰিছিল যদিও প্ৰশাসনে বৰ্তমানলৈকে কোনো ব্যবস্থা গ্ৰহণ কৰা নাই ৷

কাছাৰত অবৈধ ইটা ভাটাই নিদ্ৰাহৰণ কৰিছে স্থানীয় লোকৰ

এই বিষয় লৈ স্থানীয় পঞ্চায়ত প্ৰতিনিধিয়ে সংবাদ মাধ্যমৰ আগত কয় যে, গাঁৱত কোনো উদ্যোগ স্থাপনৰ পূৰ্বে পঞ্চায়ত প্ৰতিনিধিৰ পৰা আপত্তিবিহীন প্ৰমাণপত্ৰ (No objection certificate) উলিয়াব লাগে ৷ কিন্তু ৰাজ কুমাৰে ইটা ভাটা স্থাপন কৰাৰ পূৰ্বে এনে কোনো প্ৰমাণপত্ৰ উলিওৱা নাই ৷ ৰাজ কুমাৰে সম্পূৰ্ণ অবৈধভাবে এই ইটা ভাটা চলোৱাৰ লগতে ওচৰৰ পৰিৱেশো বিনষ্ট কৰিছে ৷ শীঘ্ৰেই ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে তেওঁ প্ৰশাসনক দাবী জনায় ৷

ইপিনে এই সমস্ত বিষয় সন্দৰ্ভত ইটা ভাটাৰ মালিক ৰাজ কুমাৰ সিঙক সংবাদ মাধ্যমে প্ৰশ্ন উত্থাপন কৰিলে তেওঁলোককো দুৰ্ব্যৱহাৰ কৰে বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰি ৰাজ কুমাৰ সিঙৰ গুণ্ডাই সংবাদ কৰ্মীসকলক ভাবুকি প্ৰদান কৰে ৷

আৰু পঢ়ক :উত্তৰ-পূৱ ভাৰতৰ CAA বিৰোধী সংগ্ৰাম পৃথক : উপমন্যু হাজৰিকা

ABOUT THE AUTHOR

...view details