কৰিমগঞ্জ, 14 এপ্ৰিল :প্ৰেমৰ বাবেইআত্মহত্যাৰ দৰে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ’ল এগৰাকী যুৱতীয়ে ৷প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰা বাবেই নিজৰ জীৱন ত্যাগ কৰিবলৈ বাধ্য হ’ল যুৱতীগৰাকীয়ে ৷ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়োৱা প্ৰেমিকৰ ব্লেকমেইলিঙৰ চিকাৰ হৈ বিষ খাবলৈ বাধ্য হয় ৰাজ্যখনৰ এগৰাকী যুৱতীয়ে (Girl committed suicide in Cachar) ৷
হৃদয়বিদাৰক ঘটনাটো সংঘটিত হৈছে কাছাৰ ৰায়পুৰ জিলাৰ বৰাখলা বিধানসভা সমষ্টিৰ অন্তৰ্গত কৃষ্ণপুৰ-ভৈৰৱনগৰ পঞ্চায়তৰ অধীনৰ অৰুণাচল আৰক্ষী আউটপোষ্ট এলেকাৰ ৰায়পুৰ গাঁৱত ৷ ঘটনা সন্দৰ্ভত জানিবলৈ পোৱা অনুসৰি, গাঁও খনৰ এগৰাকী যুৱতীৰ একেখন গাঁৱৰে ছিবাৰউদ্দিন নামৰ এজন যুৱকৰ সৈতে দীৰ্ঘদিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক ।
উক্ত যুৱতীগৰাকীৰ প্ৰতি প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিল জিলাখনৰ ভংগৰপাৰৰ হাছিম উদ্দিন লস্কৰ নামৰ এজন যুৱকে ৷ উক্ত প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা বাবেই প্ৰেমিকে আক্ৰোশমূলকভাৱে গ্ৰহণ কৰে জঘন্য পন্থা, যিয়ে যুৱতীগৰাকীক ঠেলি দিলে আত্মহত্যা কৰিবলৈ (Cachar suicide news) ৷