অসম

assam

কাঠিগড়াত নিৰ্বাচন খেলিব গৌতম ৰয়ে !

By

Published : Sep 9, 2019, 10:58 PM IST

কাঠিগড়াত আজি এক দলীয় সভাত যোগদান কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে৷ ২০২১ৰ বিধানসভা নিৰ্বাচনত তেঁও কাঠিগড়া সমষ্টিৰ পৰা নিৰ্বাচন খেলিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেঁও এই সিদ্ধান্ত দলে ল'ব বুলি কৈ তেঁও কৌশলগত ভাৱে প্ৰশ্নটোৰ পৰা আঁতৰি থাকে৷

বৰাকৰ ৰাজনীতিৰ নতুন সমীকৰণ: কাঠিগড়াত নিৰ্বাচন খেলিব নেকি গৌতম ৰয়ে !!

হাইলাকান্দি, 9 ছেপ্তেম্বৰ: বিজেপিত এমহীয়া হ'ল গৌতম ৰয় আৰু তাৰ সমানে সমানে বৰাকত এতিয়া এক নতুন ৰাজনৈতিক সমীকৰণ ৷ কংগ্ৰেছ এৰি বিজেপি যোগদানৰ এমাহ পূৰ্ণ হোৱা দিনা সোমবাৰে কাঠিগড়াত উপস্থিত হল গৌতম ৰয় ৷ কাঠিগড়াত উপস্থিত হৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ন-বিজেপি প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে কয়, "এতিয়া কংগ্ৰেছৰ দিন নাই বিজেপিৰ হে দিন, কংগ্ৰেছত কোনো নীতি নিয়ম নাই কেৱল বিজেপিত আছে"৷ কাঠিগড়াত আজি এক দলীয় সভাত যোগদান কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে৷ ২০২১ৰ বিধানসভা নিৰ্বাচনত তেঁও কাঠিগড়া সমষ্টিৰ পৰা নিৰ্বাচন খেলিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেঁও এই সিদ্ধান্ত দলে ল'ব বুলি কৈ তেঁও কৌশলগত ভাৱে প্ৰশ্নটোৰ পৰা আঁতৰি থাকে৷

ইয়াৰ পাছতেই প্ৰাক্তন মন্ত্ৰীগৰাকীৰ কাঠিগড়া ভ্ৰমণকলৈ এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে বৰাকৰ ৰাজনৈতিক মহলত ৷ দলে টিকট দিলে কাঠিগড়াৰ পৰাও নিৰ্বাচন খেলিবলৈ সাজু নেকি গৌতম ৰয়? যদি গৌতম ৰয়ে কাঠিগড়া সমষ্টিত বিজেপিৰ টিকট লাভ কৰে তেন্তে কি হ'ব সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক অমৰ চান্দ জৈনৰ? বৰাকৰ সৰ্বত্ৰে এতিয়া এই প্ৰশ্ন ৷

ন-বিজেপি গৌতম ৰয়ৰ চকুত নতুন সপোন

ABOUT THE AUTHOR

...view details