অসম

assam

ETV Bharat / state

কাছাৰত আৰক্ষীক প্ৰহাৰ জুৱাৰীৰ,চি আৰ পি এফে উদ্ধাৰ কৰিলে আহত আৰক্ষীক - ইতিমধ্যে আৰক্ষীয়ে চিনাক্ত কৰিছে আক্ৰমণকাৰীসকলক

কাছাৰত জুৱাৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ আক্ৰমণৰ বলি হ’ল আৰক্ষী ৷ এই ঘটনাৰ পিছত আৰকাটিপুৰত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ৷ ঘটনাস্থলীত আৰক্ষী আৰু চি আৰ পি এফৰ দল উপস্থিত হৈ উদ্ধাৰ কৰে আৰক্ষীজনক ৷

চি আৰ পি এফে উদ্ধাৰ কৰিলে আহত আৰক্ষীক

By

Published : Oct 28, 2019, 10:01 AM IST

Updated : Oct 28, 2019, 11:18 AM IST

কাছাৰ, 28 অক্টোবৰঃ কাছাৰত জুৱাৰ বিৰুদ্ধে অভিযান চলাবলৈ যায় আক্ৰমণৰ বলি হ’ল আৰক্ষী ৷ উধাৰবন্দৰ আৰকাটিপুৰ ৰে’লগেটৰ ওচৰত জুৱাৰ বিৰুদ্ধে অভিযান চলাবলৈ যাওতে জুৱা খেলৰ সমৰ্থকসকলে আৰক্ষীৰ দলটোৰ ওপৰত জপিয়াই পৰি বেয়াকৈ মাৰধৰ কৰে ৷ উত্তেজিত জুৱাৰী সকলে আৰক্ষীৰ বাহনখনো ক্ষতিগ্ৰস্ত কৰে ৷ এই ঘটনা সংঘটিত কৰি পলুৱাই যাবলৈ সক্ষম হয় জুৱাৰী দলটো ৷ এই ঘটনাৰ পিছত আৰকাটিপুৰত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ৷

কাছাৰত আৰক্ষীক প্ৰহাৰ জুৱাৰীৰ,চি আৰ পি এফে উদ্ধাৰ কৰিলে আহত আৰক্ষীক

ইপিনে,ঘটনাস্থলীত আৰক্ষী আৰু চি আৰ পি এফৰ দল উপস্থিত হৈ উদ্ধাৰ কৰে আৰক্ষীজনক ৷ ইতিমধ্যে আৰক্ষীয়ে চিনাক্ত কৰিছে আক্ৰমণকাৰীসকলক ৷ আক্ৰমণকাৰীসকল ক্ৰমে বনছি নুনিয়া,মুনিলাল নুনীয়া,ৰামজি নুনীয়া,অজিত নুনীয়া,শ্যাম নুনীয়া,ঈশ্বৰ নুনীয়া,মুন্না নুনীয়া ৷

লগতে চাওকঃমহানগৰীৰ ভেটাপাৰাত ভয়ংকৰ অগ্নিকা

Last Updated : Oct 28, 2019, 11:18 AM IST

ABOUT THE AUTHOR

...view details