শিলচৰ, 28 এপ্ৰিলঃ শিলচৰত স্বাধীনতা সংগ্ৰামীক চৰম অপমান ৷ মাদাৰ টেৰেছাৰ পিছত এইবাৰ স্বাধীনতা সংগ্ৰামী বিপিন চন্দ্ৰ পালৰ প্ৰতিমূৰ্তিক কৰা অপমানৰ বাবে বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে শিলচৰ ৷ শিলচৰৰ সদৰ ঘাট সেঁতুৰ ওচৰতে স্থাপন কৰা হৈছিল বিপিন চন্দ্ৰ পালৰ প্ৰতিমূৰ্তি ৷ কিন্তু নতুনকৈ সেঁতু নিৰ্মাণৰ উদ্দেশ্যে বৰ্তমান শিলচৰ পৌৰসভা কাৰ্যালয়ত অৱহেলিত অৱস্থাত পৰি আছে এই প্ৰতিমূৰ্তিটো ৷
শিলচৰত স্বাধীনতা সংগ্ৰামী বিপিন চন্দ্ৰ পালৰ প্ৰতিমূৰ্তিক অপমান!! - স্বাধীনতা সংগ্ৰামী বিপিন চন্দ্ৰ পাল
শিলচৰত স্বাধীনতা সংগ্ৰামী বিপিন চন্দ্ৰ পালৰ প্ৰতিমূৰ্তিক চৰম অপমান ৷ পৌৰসভাৰ কাৰ্যালয়ত অৱহেলিত হৈ পৰি আছে স্বাধীনতা সংগ্ৰামী জনৰ প্ৰতিমূৰ্তি ৷
![শিলচৰত স্বাধীনতা সংগ্ৰামী বিপিন চন্দ্ৰ পালৰ প্ৰতিমূৰ্তিক অপমান!!](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3127609-thumbnail-3x2-silchar-statue.jpg)
শিলচৰত স্বাধীনতা সংগ্ৰামী বিপিন চন্দ্ৰ পালৰ প্ৰতিমূৰ্তিক অপমান
শিলচৰত স্বাধীনতা সংগ্ৰামী বিপিন চন্দ্ৰ পালৰ প্ৰতিমূৰ্তিক অপমান
এজন মহান স্বাধীনতা সংগ্ৰামীৰ প্ৰতিমূৰ্তিৰ এনে দুৰ্দশাত ক্ষোভিত শিলচৰবাসী ৷ কেৱল এয়াই নহয়, বিপিন চন্দ্ৰ পালৰ নামত যি খেল পথাৰ আছিল সেইখনো বহুদিন ধৰি বন্ধ কৰি ৰাখিছে শিলচৰ পৌৰসভাই ৷ শ্বপিং কমপ্লেক্স নিৰ্মাণ কৰাৰ বাবেই এই উদ্যানখন বন্ধ কৰি ৰখা হৈছে বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে কিছুদিন পূৰ্বে মাদাৰ টেৰেছাৰ প্ৰতিমূৰ্তিটো শিলচৰৰ অধ্যক্ষৰ কাৰ্যালয়ৰ সমীপৰ পৰা আঁতৰাই দিয়া হৈছিল ৷ যাৰ বিৰুদ্ধে সমগ্ৰ কাছাৰ জিলাৰ লোকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল ৷