কাছাৰ, 23 জুন :কাছাৰৰ শ্রীকোনা কল্যাণীত সোমবাৰে শ্রীকৃষ্ণ চৈতন্য মহাপ্রভুৰ অতিথি শালাৰ আধাৰশিলা স্থাপন কৰে শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালে । অতিথি শালাৰ আধাৰশিলা স্থাপন কৰি বিধায়ক পালে কয় যে,ঐতিহ্যবাহী শ্রী শ্রী কৃষ্ণ চৈতন্য মহাপ্রভুৰ অতিথিশালাটো নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীয়ে 5 লাখ টকা আবণ্টন দিছে ৷ অতিথিশালাৰ নিৰ্মাণ হ'লে বৰাকৰ জনতাৰ এটা দীৰ্ঘদিনৰ দাবী পূৰণ হ'ব ৷ তদুপৰি অতিথিশালাটোৰ পৰা বৰাক আৰু বহিঃৰাজ্যৰ অনেক ভক্ত উপকৃত হ'ব বুলি আশা ব্যক্ত কৰে বিধায়কগৰাকীয়ে ।
কাছাৰত শ্রীকৃষ্ণ চৈতন্য মহাপ্রভুৰ অতিথিশালাৰ আধাৰশিলা স্থাপন - কাছাৰত শ্রীকৃষ্ণ চৈতন্য মহাপ্রভুৰ অতিথিশালাৰ আধাৰশিলা স্থাপন
ঐতিহ্যবাহী শ্রী শ্রী কৃষ্ণ চৈতন্য মহাপ্রভুৰ অতিথিশালাটো নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীয়ে 5 লাখ টকা আবণ্টন দিছে ৷
কাছাৰত শ্রীকৃষ্ণ চৈতন্য মহাপ্রভুৰ অতিথিশালাৰ আধাৰশিলা স্থাপন