অসম

assam

ETV Bharat / state

নিৰ্বাচনৰ পূৰ্বে কাছাৰত আধাৰশিলা স্থাপনৰ উজান

বদৰপুৰ মাছিমপুৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক কিশোৰ নাথে ৷ বিধায়কগৰাকীয়ে 10 টাকৈ পৰিয়ালৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৷

By

Published : Dec 9, 2020, 8:10 AM IST

Foundation Stone by MLA Kishor nath
নিৰ্বাচনৰ পূৰ্বে কাছাৰত আধাৰশিলা স্থাপনৰ উজান

কাছাৰ,9 নৱেম্বৰঃমঙলবাৰে কাচাৰ জিলাৰ বৰখলা সমষ্টিৰ অন্তৰ্গত বদৰপুৰ মাছিমপুৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক কিশোৰ নাথে ৷ বিধায়কগৰাকীয়ে 10 টাকৈ পৰিয়ালৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৷ উল্লেখ্য যে, এই আঁচনিৰ সহায়ত 50 টাকৈ পৰিয়ালে গৃহ নিৰ্মাণৰ অনুমোদন লাভ কৰিছে ৷

ইয়াৰোপৰি বিধায়ক কিশোৰ নাথে 89 লাখ 77 হাজাৰ 500 টকাৰে নিৰ্মাণ হ'বলগীয়া হিয়াৰবন্দ-কাশীপুৰ পথৰো আধাৰশিলা স্থাপন কৰে ৷ আনহাতে, বিধায়কগৰাকীৰ সৈতে আধাৰশিলা অনুষ্ঠানত বদৰপুৰ মাছিমপুৰ জিলা পৰিষদৰ সভানেত্ৰীৰ লগতে বহুকেইগৰাকী চৰকাৰী বিষয়ববীয়া উপস্থিত থাকে ৷

লগতে পঢ়কঃপুলৱামাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলিয়াগুলী

ABOUT THE AUTHOR

...view details