নিউজডেস্ক , 8 জুলাই :শিলচৰ চহৰৰ এগৰাকী সাধাৰণ যুৱক ৷ বৃদ্ধা মাতৃৰ সৈতে এখন চাৰি চকীয়া ঠেলাৰ ওপৰত চাহ,পুৰি আদি বিক্ৰী কৰি পেট প্ৰৱৰ্তন কৰি আছে যুৱক জন তথা তেওঁৰ পৰিয়ালে ৷ কৰ’ণা মহামাৰী সৃষ্ট পৰিৱেশত এতিয়া এই সৰু দোকানখনৰ ব্যৱসায়ো বিপদাপন্ন হোৱাত পৰিয়ালৰ ভৰণ পোষণ দিবলৈ গৈ হাবাথুৰি খাইছে যুৱকজনে ৷ পিছে অতি সাধাৰণ এই যুৱকজনৰ আছে এক অসাধৰণ অতীত ৷
এখন সৰু চাহ দোকান দি পৰিয়াল চলাই থকা এই যুৱকজন হৈছে দেশৰ এসময়ৰ এগৰাকী ফাৰ্ষ্টক্লাছ ক্ৰিকেটাৰ(first class cricketer) প্ৰকাশ ভগত ৷ 2003 চনতে অসমৰ এগৰাকী সম্ভাৱনাপূৰ্ণ খেলুৱৈ হিচাপে তেওঁ আমন্ত্ৰণ লাভ কৰিছিল NCA অৰ্থাৎ নেচনেল ক্ৰিকেট একাডেমীৰ পৰা ৷ আজিৰ পৰা 18 বছৰৰ পূৰ্বে 2003 চনত ভগতে এনচিএৰ পৰা এটা বিশেষ ফোনকল লাভ কৰিছিল , তেওঁক তৎক্ষণাৎ বেংগালুৰুলৈ গৈ ৰিপ’ৰ্ট কৰিবলৈ জনোৱা হৈছিল ৷ সেই সময়ত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক সৌৰভ গাংগুলী (Sourav Ganguly)আৰু তেওঁৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে নিউজিলেণ্ড ভ্ৰমণৰ বাবে প্ৰস্তুতি চলাই আছিল ।
গাংগুলীয়ে তেওঁৰ সতীৰ্থসকলক বলিং কৰিবৰ বাবে ডেনিয়েল ভেট্টৰীৰ(Newzealand cricketer Deniel Vettori) দৰে এজন লেফ্ট স্পীনাৰৰ সন্ধানত আছিল আৰু প্ৰকাশ ভগতৰ জৰিয়তে তেওঁৰ সেই সন্ধান পূৰণ হৈছিল ৷