অসম

assam

ETV Bharat / state

বৰাকৰ ইতিহাস পুনৰ লিখাৰ দুঃসাহস নকৰিবলৈ মুখ্যমন্ত্ৰীক সকিয়নী সুস্মিতা দেৱৰ - মুখ্যমন্ত্ৰী সোণোৱালক সকিয়নী সুস্মিতা দেৱৰ

11 জানুৱাৰীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই শিলচৰত নিৰ্বাচনী ৰণডংকা বজোৱাৰ পাছতে বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে প্ৰাক্তন কংগ্ৰেছী সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱ ৷ বৰাক উপত্যকাৰ উন্নয়নৰ বাবে বিজেপিয়ে গ্ৰহণ কৰা ব্যৱস্থা ৰাজহুৱা কৰাৰ আহ্বান প্ৰাক্তন সাংসদগৰাকীৰ ৷

former mp susmita deb criticizes nadda sonowal and himanta biswa sarma
former mp susmita deb criticizes nadda sonowal and himanta biswa sarma

By

Published : Jan 16, 2021, 9:12 PM IST

কাচাৰ,16 জানুৱাৰী: বৰাকত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বৰাক উপত্যকাৰ ইতিহাস পুনৰ ৰচনা কৰাৰ দুঃসাহস নকৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সকিয়নী প্ৰদান কৰিছে প্ৰাক্তন কংগ্ৰেছী সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে ৷ শনিবাৰে শিলচৰৰ দলীয় কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী সোণোৱালক প্ৰাক্তন সাংসদগৰাকীয়ে এই সকিয়নী প্ৰদান কৰে ৷

নাড্ডা আৰু সোণোৱালকে ধৰি হিমন্ত আৰু বিজেপিক সমালোচনাৰে থকা সৰকা কৰিলে সুস্মিতা দেৱে

বৰাক উপত্যকাৰ সৈতে অসম আন্দোলন তথা অসম বিশ্ববিদ্যালয় সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকে ধৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেতবোৰ বিসংগতিপূৰ্ণ মন্তব্য কৰা বুলি অভিযোগ উত্থাপন কৰি প্ৰাক্তন সাংসদগৰাকীয়ে ইতিহাস অধ্যয়ন নকৰাকৈ বৰাকবাসীৰ আবেগত আঘাত নাসানিবলৈ সকিয়নী প্ৰদান কৰে ৷

অসম বিশ্ববিদ্যালয়ক অসম আন্দোলনৰ ফচল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সংগতিবিহীন মন্তব্য কৰা বুলি অভিযোগ উত্থাপন কৰি দেৱে কয় যে, সকলোৱে জানে যে অসম আন্দোলন আছিল মূলতঃ বঙালী বিৰোধী এক আন্দোলন আৰু এই আন্দোলন কেতিয়াও বৰাকত হোৱা নাছিল লগতে অসম বিশ্ববিদ্যালয়ৰ সৈতে অসম আন্দোলনৰ কোনো সম্পৰ্ক নাই ৷

বিগত 11 জানুৱাৰীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই শিলচৰত ৰণডংকা বজোৱাৰ পাছতে প্ৰাক্তন কংগ্ৰেছী সাংসদগৰাকীয়ে নাড্ডাৰ লগতে মুখ্যমন্ত্ৰী সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰা পৰিলক্ষিত হয় ৷

শনিবাৰে আয়োজিত সংবাদ মেলখনত ৰাজ্যিক বিজেপিক সমালোচনাৰে থকা-সৰকা কৰি দেৱে এনআৰচি, অসমৰ নিবনুৱা সমস্যা, কাগজ কল তথা বৰাকৰ অন্যান্য সমস্যা সমাধানৰ ক্ষেত্ৰত বিজেপি আৰু নাড্ডাই কি কি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া ৰাজহুৱা কৰাৰ আহ্বান জনায় ৷

লগতে পঢ়ক:প্ৰতিবাদী কংগ্ৰেছীক গুলিয়াবলৈ পিষ্টল উলিওৱা কোন এই আৰক্ষী বিষয়া !

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details