শিলচৰ,28 মে': কাটিগড়া আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ পৰিমাণৰ ড্রাগছ, নগদ ত্রিশ হাজাৰ টকাসহ পাঁচ গৰাকী ড্ৰাগছ ব্যৱসায়ীক আটক ৷ বৃহস্পতিবাৰে আৰক্ষীয়ে চলোৱা অভিযানত আটক হোৱা ড্ৰাগছ ব্যৱসায়ী কেইটা হ'ল মুন্না আহমেদ, আলম আহমেদ, প্রদীপ মালাকাৰ, আব্দুল জলিল আৰু সঞ্জয় দাস ৷
ইয়াৰে মুন্নাৰ ঘৰ বদৰপুৰৰ বোন্দাশিলত বুলি জানিব পৰা গৈছে ৷ আনহাতে আলম আৰু সঞ্জয়ৰ ঘৰ কাটিগড়া চেৰাগিগি বজাৰ অঞ্চলত হোৱাৰ লগতে জয়নুলৰ ঘৰ কাটিগড়া তৃতীয় খণ্ডত ৷