শিলচৰ, ২৯ জানুৱাৰী: শিলচৰত মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে 'মাছেৰ মজলিছ' । 'মাছেৰ মজলিছ' হৈছে শিলচৰস্থিত মীন বিভাগৰ কাৰ্যালয়ত খোলা মাছৰ এটা খুচৰা বিক্ৰী কাউন্টাৰ । এই কাউণ্টাৰটোৰ জৰিয়তে মাছৰ হোম ডেলিভাৰী সেৱা আগবঢ়োৱা হ'ব । মাত্ৰ এবাৰ ফোন কৰি ঘৰতে পছন্দৰ মাছ লাভ কৰিব গ্ৰাহকে । এই খুচৰা কাউণ্টাৰত বাহু, চিতল, খলিহনা, বৰালি, ৰৌ, আৰি, লিঠা আদিকে ধৰি স্থানীয় সকলো ধৰণৰ মাছ উপলব্ধ হ'ব ।
মীন বিভাগে মুকলি কৰা 8876411355 নম্বৰত ফোন কৰি গ্ৰাহকে অৰ্ডাৰ দিব পাৰিব ৷ ঘৰত বহি গ্ৰাহকে সুলভ মূল্যৰ মাছ কিনিব পাৰিব ৷ প্ৰাথমিকভাৱে তিনিজন ব্যবসায়ীক মাছ হোম ডেলিভাৰী দিয়াৰ বাবে মীন বিভাগৰ তৰফৰ পৰা তিনি খন বাইক আৰু এখন গাড়ী দিয়া হৈছে ৷ ৰাইজৰ সুবিধাৰ বাবে এনে ব্যৱস্থা হাতত লোৱা হৈছে বুলি জনাইছে মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷