অসম

assam

By

Published : Apr 23, 2021, 10:46 PM IST

ETV Bharat / state

কাছাৰৰ লায়লাপুৰত গুলীচালনা: আহত বনকৰ্মী

শুকুৰবাৰে নিশা লায়লাপুৰত গুলীচালনাৰ ঘটনা ৷ চোৰাং চেগুন কাঠ ভৰ্তি ট্ৰাক জব্দ কৰাৰ সময়তে বনকৰ্মীক আঘাত কৰে বন মাফিয়াই ৷ ফলত গুলীচালনা কৰে লায়লাপুৰ ফৰেষ্ট বিটৰ বনকৰ্মীসকলে ৷

firing-at-lailapur
লায়লাপুৰত গুলীচালনা

শিলচৰ,23 এপ্ৰিল : কাছাৰ জিলাৰ লায়লাপুৰত শুকুৰবাৰে নিশা সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা ৷ ঘটনা অনুসৰি, বনকৰ্মীক আক্ৰমণ কৰি লায়লাপুৰ ফৰেষ্ট বিট কাৰ্যালয়ৰ সন্মুখেৰে চোৰাং চেগুন কাঠ ভৰ্তি ট্ৰাক লৈ উধাও হ’বলৈ চেষ্টা কৰে বন মাফিয়াৰ এটা দলে ৷

ইয়াৰ পাচতে বনকৰ্মীয়ে ট্ৰাকখনক বাধা দিয়াৰ চেষ্টা কৰে যদিও হাতে হাতে অস্ত্ৰ লৈ তাণ্ডৱ চলায় বন মাফিয়াৰ দলটোৱে ৷ বন মাফিয়াৰ দলটোৰ পৰা ৰক্ষাৰ পাবৰ বাবে শূন্যলৈ গুলীচালনা কৰে বনকৰ্মী সকলেও ৷

লায়লাপুৰত গুলীচালনা
লায়লাপুৰত গুলীচালনা

MZ-05-A-1025 আৰু MZ-05-A -1872 নম্বৰৰ দুখন ট্ৰাকেৰে চোৰাং চেগুন কাঠ ভৰ্তি ট্ৰাক লৈ মিজোৰামৰ পৰা গৈ আছিল বন মাফিয়াৰ দলটো ৷ উক্ত ঘটনাত কেইবাগৰাকীও বনকৰ্মী আহত হোৱা বুলি বিট বিষয়া মনোজ সিনহাই জানিবলৈ দিয়ে ৷

ঘটনা সন্দৰ্ভত লায়লাপুৰ বিট কাৰ্যালয়ৰ বিট বিষয়া মনোজ সিনহাই ইতিমধ্যে বন মাফিয়া জয়নাল উদ্দিন, বাবুৰ উদ্দিন, নাছিৰ উদ্দিন, আইনউদ্দিন লস্কৰ, কালাম উদ্দিন, আব্দুল মন্নান আৰু জাকিৰ উদ্দিনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে ৷

লগতে পঢ়ক :ধাৰাবাহিক অভিযান: জখলাবন্ধাত আটক পুনৰ দুই চোৰাং চিকাৰী

ABOUT THE AUTHOR

...view details