অসম

assam

By

Published : Apr 29, 2020, 8:39 PM IST

ETV Bharat / state

গাড়ী পাৰ্কিঙত বাধা দিয়াৰ বাবেই সংঘৰ্ষ

কাছাৰ জিলাৰ কালাইনৰ ভৈৰৱপুৰ দ্বিতীয় খণ্ডত দুই ফৈদৰ মাজত সংঘৰ্ষ । গাড়ী পাৰ্কিঙক কেন্দ্ৰ কৰি সংঘটিত সংঘৰ্ষত আহত হৈছে 17 জন লোক ৷

fight between two party in silchar
fight between two party in silchar

শিলচৰ, 29 এপ্ৰিল :গাড়ী পাৰ্কিঙক কেন্দ্ৰ কৰি কাছাৰত সংঘৰ্ষ ৷ কাছাৰ জিলাৰ কালাইনৰ ভৈৰৱপুৰ দ্বিতীয় খণ্ডত বুধবাৰে দুপৰীয়া দুটা দলৰ মাজত হোৱা সংঘৰ্ষত আহত হৈছে ১৭ জনকৈ লোক ৷ আহত সকলৰ মাজৰে ৭ জনক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে । এই সংঘৰ্ষৰ খবৰ পায় ঘটনাস্থলী উপস্থিত হয় ডি আই জি দীলিপ কুমাৰ দে' আৰু কাছাৰৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয় ।

গাড়ী পাৰ্কিঙত বাধা দিয়াৰ বাবেই সংঘৰ্ষ

উল্লেখ্য যে, এখন এম্বেচাদৰ গাড়ী লক্ ডাউন উলংঘা কৰি যাত্ৰীসহ অবৈধভাৱে পাৰ্কিং কৰি ৰাখিছিল ভৈৰৱপুৰত । দুজন লোকে এই কাৰ্যত বাধা দিয়াৰ ফলতেই দুই ফৈদৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই আহত হয় ১৭ জন লোক । এই ঘটনাক লৈ উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত ৷

লগতে পঢ়ক :পঞ্চায়ত সচিবৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৰাইজৰ

ABOUT THE AUTHOR

...view details