অসম

assam

ETV Bharat / state

কন্যাক অমানৱীয় অত্যাচাৰ চলোৱা পিতৃ আৰক্ষীৰ জালত - ইমাম উদ্দীন

মাটিত বগৰাই লৈ পিতৃয়ে অকথ্য নিৰ্যাতন চলাইছিল কণমানি কন্যাক ৷ সম্পূৰ্ণ বিবস্ত্ৰ কৰি কন্যাক অত্যাচাৰ চলাইছিল পিতৃয়ে ৷ উল্লেখযোগ্য যে, শিলচৰ মেডিকেল কলেজ হাস্পতালৰ সমীপৰ ইমাম উদ্দিন নামৰ পাষাণ হৃদয়ৰ পিতৃয়ে কন্যাক অমানৱীয় অত্যাচাৰ চলোৱা দৃশ্য সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে অবাক হৈ পৰিছে ৰাজ্যৰ সচেতন মহল ৷

নিজ কন্যাক অমানৱীয় অত্যাচাৰ চলোৱা পিতৃ আৰক্ষীৰ জালত
নিজ কন্যাক অমানৱীয় অত্যাচাৰ চলোৱা পিতৃ আৰক্ষীৰ জালত

By

Published : May 5, 2021, 10:16 PM IST

শিলচৰ,5 মে’:কাছাৰৰ শিলচৰত এগৰাকী কণমানিৰ ওপৰত অমানৱীয় অত্যাচাৰ চলাইছিল এগৰাকী পিতৃয়ে ৷ মাটিত বগৰাই লৈ পিতৃয়ে অকথ্য নিৰ্যাতন চলাইছিল কণমানি কন্যাক ৷ সম্পূৰ্ণ বিবস্ত্ৰ কৰি কন্যাক অত্যাচাৰ চলাইছিল পিতৃয়ে ৷ উল্লেখযোগ্য যে, শিলচৰ মেডিকেল কলেজ হাস্পতালৰ সমীপৰ ইমাম উদ্দিন নামৰ পাষাণ হৃদয়ৰ পিতৃয়ে কন্যাক অমানৱীয় অত্যাচাৰ চলোৱা দৃশ্য সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে অবাক হৈ পৰিছে ৰাজ্যৰ সচেতন মহল ৷

কন্যাক অমানৱীয় অত্যাচাৰ চলোৱা পিতৃ আৰক্ষীৰ জালত

ইপিনে পিতৃৰ অকথ্য নিৰ্যাতনৰ বলি হোৱা কণমানিজনীক উদ্ধাৰৰ বাবে মাতৃ আগবাঢ়ি আহিছিল যদিও পিতৃয়ে পিষ্টল দেখুৱাই দাবী-ধমকি দি ঘটনাস্থলীৰ পৰা খেদি পঠিয়াইছিল পত্নীক ৷ ইমামউদ্দিন সিমানতেই ক্ষান্ত নাথাকি ভৰিৰে গচকি গচকি কণমানিজনীক প্ৰহাৰ কৰিছিল ৷ দীৰ্ঘদিনৰ পৰা অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি অহা ব্যক্তিগৰাকীয়ে হাতত পিষ্টল লৈ প্ৰতিবেশীৰ ওপৰত নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপন হৈছে ৷

সমগ্ৰ ঘটনাৰ পিছতে নাজিম উদ্দিন লস্কৰ নামৰ এগৰাকী ব্যক্তিয়ে শিলচৰ সদৰ থানাত ইমাম উদ্দিনৰ বিৰুদ্ধে গোচৰ দাখিল কৰে ৷ তাৰপিছতে বুধবাৰে আৰক্ষীয়ে ইমাম উদ্দিনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷ বিষয় সন্দৰ্ভত জিলাখনৰ আৰক্ষী অধীক্ষকে সদৰী কৰে যে আইন অনুসৰিয়ে ব্যৱস্থা লোৱা গ্ৰহণ কৰা হ’ব অভিযুক্তৰ বিৰুদ্ধে ৷

লগতে পঢ়কঃ অপ্ৰতিৰোধ্য কৰ’ণা: ৰাজ্য চৰকাৰৰ নতুন ক’ভিড নীতি

ABOUT THE AUTHOR

...view details