অসম

assam

ETV Bharat / state

শিলচৰত জব্দ বৃহৎ পৰিমাণৰ নকল নোট

শিলচৰত 8 লাখ 4 হাজাৰ টকাৰ নকল নোটসহ আটক দুজনকৈ লোক ৷ বাইকত লৈ অহা অৱস্থাতে শুল্ক বিভাগৰ বিষয়াই জব্দ কৰে নোটখিনি ৷

By

Published : Apr 23, 2019, 10:34 PM IST

নকল নোট জব্দ

শিলচৰ, 23 এপ্ৰিল : শিলচৰত জব্দ নকল নোট ৷ বাইকযোগে লৈ অহা অৱস্থাতে কাবুগঞ্জ ট্ৰাই জংচনৰ পৰা শুল্ক বিভাগ সীমান্ত নিৰাপত্তা বাহিনীয়ে অভিযান চলাই জব্দ কৰে 8 লাখ 4 হাজাৰ টকাৰ নকল নোটখিনি ৷ লগতে এই বৃহৎ পৰিমাণৰ নকল নোটসহ আটক কৰে জইধনপুৰ লাইলাপুৰ ধলাইৰ জিয়াবুৰ ৰহমান বৰভূঞা আৰু ফাইজুৰ ৰহমান নামৰ দুজন লোকক ৷

নকল নোট জব্দ

আইজলৰ পৰা লৈ অহা হৈছিল বুলি এই বৃহৎ পৰিমাণৰ নকল নোটখিনি লৈ অহা হৈছিল স্বীকাৰোক্তি প্ৰদান কৰিছে দুই অভিযুক্তই ৷ ইপিনে নকল নোট কঢ়িয়াই অনা বাহনখনৰো পঞ্জীয়ন কৰা হোৱা নাই বুলি সদৰি কৰে শুল্ক বিভাগৰ বিষয়াই ৷ সম্প্ৰতি টকাসহ দুয়োগৰাকী লোককে নিজৰ জিম্মাত ৰাখিছে শুল্ক বিভাগে ৷

ABOUT THE AUTHOR

...view details