শিলচৰ,3 ফেব্ৰুৱাৰী: কাছাৰ জিলা গুমড়াত জব্দ কৰা হৈছে বিষ্ফোৰক সামগ্ৰী ৷ সেনা আৰু আৰক্ষীৰ যৌথ অভিযানত জব্দ বৃহৎ পৰিমাণৰ জিলেটিন আৰু ডিটনেটৰ ৷ লগতে আটক কৰা হৈছে মেঘলায়ৰ দুজনকৈ লোক ৷ উল্লেখ্য যে, বুধবাৰে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অসম-মেঘালয় সীমান্তৱৰ্তী গুমড়া মালিডহৰত 37 অসম ৰাইফল আৰু অসম আৰক্ষীয়ে যৌথভাৱে অভিযান চলায় ৷ এই অভিযানত মেঘালয়ৰ পৰা অহা এখন ৱাগানৰ বাহনত প্ৰায় 600 ডাল ডিটনেটৰ আৰু 542 ডাল জিলেটিন জব্দ কৰা হয় ৷
কাছাৰ জিলাৰ গুমড়াত বৃহৎ পৰিমাণৰ বিষ্ফোৰক সামগ্ৰী জব্দ - গুমড়াত বিষ্ফোৰক সামগ্ৰী জব্দ
কাছাৰ জিলা গুমড়াত সেনা আৰু আৰক্ষীৰ যৌথ অভিযানত জব্দ বৃহৎ পৰিমাণৰ জিলেটিন আৰু ডিটনেটৰ ৷ লগতে ইয়াৰ সৈতে জড়িত দুজন লোককো আটক কৰা হৈছে ৷
![কাছাৰ জিলাৰ গুমড়াত বৃহৎ পৰিমাণৰ বিষ্ফোৰক সামগ্ৰী জব্দ as_cachar_explosive-seized-at-cachar-gumra_img_ ASC10043](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10485272-thumbnail-3x2-s.jpg)
কাছাৰ জিলাৰ গুমড়াত বৃহৎ পৰিমাণৰ বিষ্ফোৰক সামগ্ৰী জব্দ
কাছাৰ জিলাৰ গুমড়াত বৃহৎ পৰিমাণৰ বিষ্ফোৰক সামগ্ৰী জব্দ
আৰক্ষীয়ে এই সমগ্ৰীখিনিৰ সৰৱৰাহৰ সৈতে জড়িত বিচন পাছলেইন আৰু ৱেলকাম লিংডহ নামৰ দুজন লোককো আটক কৰে ৷ লোক দুজনৰ পৰা প্ৰায় 11,500 টকাৰ নগদ ধনো উদ্ধাৰ কৰা হৈছে ৷ জব্দ হোৱা বিষ্ফোৰক সামগ্ৰীখিনিৰ মূল্য প্ৰায় 12 লাখ হ’ব বুলি অনুমান কৰা হৈছে ৷ কিন্তু কি উদ্দেশ্যেৰে নিৰ্বাচনৰ পূৰ্বে এনেদৰে চুবুৰীয়া ৰাজ্যখনৰ পৰা বৃহৎ পৰিমাণৰ বিষ্ফোৰক সামগ্ৰী লৈ অনা হৈছিল তাকে লৈ চাৰিওদিশে উত্থাপিত হৈছে প্ৰশ্ন ৷
লগতে পঢ়ক-ৰাজ্যপালৰ স্বাক্ষৰৰ পিছতে অসমত বন্ধ হ'ল চৰকাৰী মাদ্ৰাছা
Last Updated : Feb 3, 2021, 5:22 PM IST