অসম

assam

ETV Bharat / state

কাছাৰৰ উচ্ছেদ অভিযান: চৰকাৰক সমালোচনা প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ - SUSHMITA DEV

কাছাৰ জিলাৰ ধলাই সমষ্টিৰ সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বেদখল কৰা 82টা পৰিয়ালক শুকুৰবাৰে উচ্ছেদ কৰে প্ৰশাসনে

SUSHMITA DEV

By

Published : Jun 12, 2019, 12:00 PM IST

কাছাৰ,12 জুন : সোজা কাছাৰৰ ধলাই সমষ্টিৰ উচ্ছেদ হোৱা অঞ্চলত উপস্থিত প্ৰাক্তন সাংসদ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছ সভানেত্ৰী সুস্মিতা দেৱ। উচ্ছেদিত পৰিয়ালৰ খা-খবৰ লোৱাৰ লগতে চৰকাৰ,জিলা প্ৰশাসন,বনবিভাগক সমালোচনা কৰে ৷

প্ৰশাসন তথা চৰকাৰক সমালোচনা সুস্মিতা দেৱৰ

ধলাই সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পৰিমল শুক্লবৈদ্যকো সমালোচনা কৰি নেত্ৰী গৰাকীয়ে কয় যে,ভোটাৰ কাৰ্ড,ৰেচন কাৰ্ড থকাৰ উপৰিও উজ্জ্বলা আঁচনি, প্ৰধান মন্ত্ৰী আৱাস গৃহ,বিদ্যুত জ্যোতি,এনৰেগা আদি চৰকাৰী আঁচনিৰ সুবিধা পোৱাৰ পাচতো এইসকল লোকক উচ্ছেদ কৰাটো অনুচিত ৷
উল্লেখযোগ্য যে,কাছাৰ জিলাৰ ধলাই সমষ্টিৰ সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বেদখল কৰা 82টা পৰিয়ালক শুকুৰবাৰে উচ্ছেদ কৰে প্ৰশাসনে ৷ শুকুৰবাৰে ৰাতিপুৱা এঘাৰ বজাত বন বিভাগে আৰম্ভ কৰে এই উচ্ছেদ অভিযান ৷ কাছাৰৰ ডি এফ অ' চানিদেউ চৌধুৰীৰ নেতৃত্বত বন বিভাগ আৰু নিৰাপত্তা বাহিনীৰ এটা বৃহৎ দলে 15 টা হাতীৰে চলাই এই উচ্ছেদ অভিযান ৷

ABOUT THE AUTHOR

...view details