নিউজ ডেস্ক, 30 নৱেম্বৰ:কাছাৰত মঙলবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সভাত দেখা গ’ল কাহানিও নেদেখা এক দৃশ্য । সাধাৰণতে মুখ্যমন্ত্ৰী য’তে যায় তাতেই মুখ্যমন্ত্ৰীৰ বলিষ্ঠ ভাষণ শুনিবলৈ সৃষ্টি হয় জনসমুদ্ৰৰ । পিছে মঙলবাৰে মুখ্যমন্ত্ৰীৰ সভাত লাগিল অথন্তৰ । কাছাৰত দলু চাহ বাগিচাৰ উচ্ছেদিতক চেক বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে মঞ্চত ভাষণ আৰম্ভ কৰাৰ লগে লগে তলত থকা উচ্ছেদিতই আৰম্ভ কৰিলে প্ৰতিবাদ ।
মুখ্যমন্ত্ৰীয়ে এফালৰ পৰা কৈ গৈছে বাগানত পানী লাগিব, হাস্পাতাল লাগিব, ঘৰ লাগিব । আনফালে দৰ্শক হিচাপে থকা উচ্ছেদিতই চিঞৰি উঠিছে আমাক আপোনাৰ একো নালাগে । নালাগে আপোনাৰ চেক নালাগে আপোনাৰ টকা । দিয়ে যদি আমাক আমাৰ ভূমি ওভতাই দিয়ক ।