শিলচৰ, 8 এপ্ৰিলঃকিছুদিন পূৰ্বে এক প্ৰতিবেদনৰ জৰিয়তে আমি আপোনালোকক দেখুৱাইছিলো, শিলচৰৰ এটা বিশেষ গলিৰ বাসিন্দা সকলৰ দুৰাৱস্থা ৷ লক ডাউনৰ প্ৰভাৱত চৌকাত জুই নজ্বলা হৈছিল শিলচৰৰ সেই বিশেষ গলিত বাস কৰা লোকসকলৰ ঘৰত । হয়, আমি ক'ব খুজিছো শিলচৰৰ নিষিদ্ধ গলিত বাস কৰা লোকসকলৰ কথা । লক ডাউনৰ প্ৰভাৱত উপাৰ্জনহীন হৈ পৰিছিল দেহোপজীৱিনীসকল । খাদ্য সংকটত ভুগিছিল এই নিষিদ্ধ পল্লীত বাস কৰা 200ৰো অধিক পৰিয়ালে । সাহাৰ্য বিতৰণ কৰিবলৈ অহা সংগঠন কিম্বা চৰকাৰী প্ৰতিনিধিৰো দৃষ্টি বহিৰ্ভুত আছিল এই নিষিদ্ধে পল্লী ।
ETV ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ শিলচৰৰ নিষিদ্ধ গলিত সাহাৰ্য বিতৰণ কৰিলে বেচৰকাৰী সংস্থাই - শিলচৰৰ নিষিদ্ধ গলি
খাদ্য সংকটত ভুগিছিল শিলচৰৰ নিষিদ্ধ পল্লীত বাস কৰা 200ৰো অধিক পৰিয়ালে । কিন্তু ইটিভি ভাৰতৰ এক প্ৰতিবেদনৰ পিচতে শিলচৰৰ নিষিদ্ধ গলিত থকা লোকসকলক সহায়ৰ বাবে আগবাঢ়ি আহিল, কেইবাটাও বেচৰকাৰী সংস্থা ।
![ETV ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ শিলচৰৰ নিষিদ্ধ গলিত সাহাৰ্য বিতৰণ কৰিলে বেচৰকাৰী সংস্থাই etv impact story of silchar redlight area](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6708414-thumbnail-3x2-kk.jpg)
etv impact story of silchar redlight area
কিন্তু শেহতীয়াকৈ ইটিভি ভাৰতত প্ৰচাৰিত এক বাতৰিয়ে দৃষ্টি আকৰ্ষণ কৰিলে সচেতন মহলৰ ৷ আমাৰ বাতৰিৰ পাছতেই বুধবাৰে তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিল কেইবাটাও বেচৰকাৰী সংস্থা । এই সাময়িক সকাহে কিছু পৰিমানে হ'লেও আস্বস্ত কৰিছে নিষিদ্ধ গলিৰ পৰিয়াল সমূহক ৷ লক ডাউন দীঘলীয়া হ'লে এই গলিৰ বাসিন্দা সকলৰ মাজত পুনৰ খাদ্যসংকটে দেখা দিব যদিও সাহাৰ্য লাভ কৰি অন্তত কিছু দিনৰ বাবে নিশ্চিন্ত হৈছে এইসকল দেহোপজীৱীনীৰ পৰিয়াল ৷