অসম

assam

ETV Bharat / state

বিশ্বনাথৰ ঘটনাৰ পৰা শিক্ষা নাপালে শক্তি বিভাগে

বিশ্বনাথত কৰ্মৰত অৱস্থাত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এজন বিদ্যুৎ কৰ্মীৰ মৃত্যু হোৱাৰ পাছত সোমবাৰে নিশা পুনৰ কাছাৰৰ বৰখলাত সংঘটিত হৈছে অনুৰূপ ঘটনা

By

Published : Jul 9, 2019, 10:21 AM IST

Updated : Jul 9, 2019, 11:47 AM IST

বিশ্বনাথৰ ঘটনাৰ পৰা শিক্ষা নাপালে বিদ্যুৎ বিভাগে

কাছাৰ, 9 জুলাইঃ গাফিলতিয়ে লগ এৰা নাই শক্তি বিভাগক ৷ বিশ্বনাথত কৰ্মৰত অৱস্থাত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এজন বিদ্যুৎ কৰ্মীৰ মৃত্যু হোৱাৰ পাছত কালি নিশা পুনৰ কাছাৰৰ বৰখলাত সংঘটিত হৈছে অনুৰূপ ঘটনা ৷ ঘটনা অনুসৰি বদৰ উদ্দিন নামৰ এগৰাকী অস্থায়ী বিদ্যুৎ কৰ্মীয়ে কম উচ্চতাত থকা 11 হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত কাম কৰি থাকোতেই হঠাৎ তাঁৰডালেদি বিদ্যুৎ প্ৰৱাহ হোৱাত ব্যক্তি জনৰ মৃত্যু হয় ৷ শক্তি বিভাগৰ গাফিলতিৰ বাবেই এনেদৰে ব্যক্তি জনৰ মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ৷ লগতে শক্তি বিভাগৰ এনে কাণ্ডজ্ঞানহীনতাৰ বাবে আৰু কিমান লোকৰ মৃত্যু হ'ব লাগিব বুলিও ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বিদ্যুৎ কৰ্মীৰ মৃত্যু
Last Updated : Jul 9, 2019, 11:47 AM IST

ABOUT THE AUTHOR

...view details