শিলচৰ, ২৯ জুলাই :অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰৰ (Lailapur) ঘটনাকলৈ উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য । অসমৰ বিভিন্ন ঠাইত দল-সংগঠনে মিজোৰাম আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে । মিজোৰাম আৰক্ষী আৰু দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীবৰ্ষণৰ ফলত অসম আৰক্ষীৰ ছয় গৰাকী জোৱান শ্বহীদ হোৱাৰ লগতে এগৰাকী সাধাৰণ লোকৰ মৃত্যুক যেন কোনেও সহজভাৱে ল'ব পৰা নাই । সমগ্ৰ ঘটনাক ধিক্কাৰ দিয়াৰ লগতে দোষীক শাস্তিৰো দাবী জনাইছে বিভিন্নজনে ।
ইফালে শ্বহীদসকলৰ বাবেও ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে বিভিন্ন দল সংগঠনসমূহে । কাছাৰ জিলাতো দেখা গৈছে কেইবাটাও সংগঠনৰ প্ৰতিবাদ । লাইলাপুৰৰ ঘটনাক গৰিহণা দি তীব্ৰ আন্দোলন গঢ়ি তোলে কেইবাটাও সংগঠন তথা কাছাৰৰ সাধাৰণ ৰাইজে । মিজোৰাম চৰকাৰৰ ভূমিকাৰ বিৰুদ্ধে ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে ।