শিলচৰ, 18এপ্ৰিলঃ শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত থকা ডিটেনচন কেম্পৰ পৰা শনিবাৰে জামিনত মুকলি কৰি দিয়া হয় দুজনকৈ লোকক ৷ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ অন্তৱৰ্তী আদেশত দুবছৰৰ অধিক সময় ধৰি বন্দী হৈ থকা লোক সকলক জামিনত ৰেহাই দিয়াৰ নিৰ্দেশ জাৰি হোৱাৰ পিছতে আজি হাইলাকান্দি জিলাৰ লালাছড়া ফৰেষ্ট গাওঁৰ জ্যোতি ৰায় (62) আৰু কাঠলীছৰাৰ মুকুল দেব (61) নামৰ লোক দুজনক ডিটেনচন কেম্পৰ পৰা জামিনত মুকলি কৰি দিয়া হয় ৷
ডিটেনচন কেম্পৰ পৰা দুজনকৈ লোকক জামিনত মুকলি - হাইলাকান্দি জিলাৰ লালাছড়া ফৰেষ্ট গাওঁৰ জ্যোতি ৰায়(62) আৰু কাঠলীছৰাৰ মুকুল দেব(61) নামৰ লোক দুজনক জামিনত ডিটেনচন কেম্পৰ পৰা মুকলি কৰি দিয়া হয়
শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত থকা ডিটেনচন কেম্পৰ পৰা দুজনকৈ লোকক জামিনত মুকলি ৷ তিনি বছৰতকৈও অধিক সময় দুয়োগৰাকী লোক বন্দী হৈ আছিল শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত থকা ডিটেনচন কেম্পত ।
![ডিটেনচন কেম্পৰ পৰা দুজনকৈ লোকক জামিনত মুকলি Dvoter released from silchar central jail's detention camp](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6839624-thumbnail-3x2-p1.jpg)
ডিটেনচন কেম্পৰ পৰা দুজনকৈ লোকক জামিনত মুকলি
ডিটেনচন কেম্পৰ পৰা দুজনকৈ লোকক জামিনত মুকলি
উল্লেখযোগ্য যে, বিদেশী ন্যায়াধিকৰণৰ একপক্ষীয়ভাৱে ৰায়দানৰ ফলত তিনি বছৰতকৈও অধিক সময় দুয়োগৰাকী লোক বন্দী হৈ আছিল শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত থকা ডিটেনচন কেম্পত ৷ আনহাতে, পূৰ্বতে ডিটেনচন কেম্পৰ পৰা মুকলি কৰাৰ বিনিময়ত একাংশ অধিবক্তাই বিচাৰিছিল বহু পৰিমাণৰ ধন, কিন্তু বিচৰা ধন দিব নোৱাৰাৰ বাবেই ইমানদিনে দুয়োগৰাকী লোক ডিটেনচন কেম্পত বন্দী হৈ আছিল বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে ৷
লগতে পঢ়কঃকোকৰঝাৰ জিলা প্ৰশাসনৰ সৈতে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ গুৰুত্বপূৰ্ণ বৈঠক
TAGGED:
silchar