শিলচৰ,15 জুন : অহা ১৭ জুনৰ পৰা আৰম্ভ হ'বলগীয়া সপ্তদশ লোকসভা অধিৱেশনত শপত গ্ৰহণ কৰিব দেশৰ নৱ-নিৰ্বাচিত সাংসদসকলে । বাংলাত শপত গ্ৰহণ কৰিব শিলচৰ সংসদীয় সমষ্টিৰ পৰা প্ৰথমবাৰলৈ নিৰ্বাচিত হোৱা বিজেপি সাংসদ ডা: ৰাজদীপ ৰয়ে ৷ ইতিমধ্যে লিখিতভাবে সংসদৰ কাৰ্যালয়ৰ লগতে মুখ্যমন্ত্ৰীকো এই কথা অৱগত কৰিছে ৰাজদীপ ৰয়ে । শিলচৰৰ দলীয় কাৰ্যালয়ত এক সংবাদমেলযোগে এই কথা সদৰী কৰে নৱ-নিৰ্বাচিত সাংসদগৰাকীয়ে ৷ সাংসদ হিচাপে বৰাকৰ উন্নয়নৰ ক্ষেত্ৰত সংসদত কি কি বিষয় উত্থাপন কৰিব তাৰো কিছু তথ্য সাংবাদিকৰ আগত দাঙি ধৰে সাংসদগৰাকীয়ে ।
বাংলা ভাষাত শপত গ্ৰহণ কৰিব শিলচৰৰ সাংসদ ৰাজদীপ ৰয়ে - bangla language
বৰাক উপত্যকাৰ পাঁচটা ৰাষ্ট্ৰীয় পথৰ উন্নয়নৰ কাম খৰতকীয়া কৰাৰ লগতে বৰাকৰ স্বাস্থ্য খণ্ড আৰু অসম বিশ্ব বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ সাংসদগৰাকীৰ
বৰাক উপত্যকাৰ পাঁচটা ৰাষ্ট্ৰীয় পথৰ উন্নয়নৰ কাম খৰতকীয়া কৰাৰ লগতে বৰাকৰ স্বাস্থ্য খণ্ড আৰু অসম বিশ্ব বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব প্ৰদান কৰিব সাংসদগৰাকীয়ে । এগৰাকী চিকিৎসক হোৱা হেতুকে ইতিমধ্যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীৰ সৈতে এই সন্দৰ্ভত এক আলোচনাতো মিলিত হৈছে সাংসদগৰাকী । অসম বিশ্ব বিদ্যালয়ৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় মানৱ উন্নয়ন মন্ত্ৰীগৰাকীক শিলচৰলৈ আমন্ত্ৰণ কৰাৰো সিদ্ধান্ত লৈছে ৰাজদীপ ৰয়ে । অহা ছ মাহৰ ভিতৰত মন্ত্ৰী গৰাকী অসম বিশ্ব বিদ্যালয়লৈ আহিব বুলিও আশা ব্যক্ত কৰে ৰাজদীপ ৰয়ে ।