শিলচৰ,13 মে’:শিলচৰত মদ্যপান কৰোৱাই এগৰাকী যুৱতীক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল কাছাৰৰ লক্ষীপুৰৰ পি কে দাস নামৰ এজন চিকিৎসক ৷ চিকিৎসক জনৰ বিৰুদ্ধে বলপূৰ্বকভাৱে মদ্যপান কৰোৱাই যুৱতী গৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উৎত্থাপিত হৈছে ৷ এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত সুনিতা দেৱী আৰু সুবোধ দাস নামৰ আন দুজনকো আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৷
ভুক্তভোগী যুৱতী গৰাকীয়ে আৰক্ষী চকীত দাখিল কৰা এজেহাৰ অনুসৰি, যোৱা 9 মে’ৰ আবেলি ধৃত সুনিতা দেৱী নামৰ মহিলাগৰাকীয়ে ভুক্তভোগী গৰাকীক ফুৰিবলৈ লৈ যোৱাৰ চলেৰে ঘৰৰ পৰা লৈ যায় ৷ অভিযোগ অনুসৰি, ঘৰৰ পৰা কিছুদূৰ যোৱাৰ পাচত হঠাৎ এখন গাড়ী আহি তেওঁলোকৰ সম্মুখত ৰখাই দিয়ে ৷ গাড়ী খনত পি কে দাস নামৰ চিকিৎসক জনৰ লগতে তেওঁৰ চালক সুবোধ দাস আছিল বুলি জানিব পৰা গৈছে ৷ তাৰ পাচতে গাড়ীত উঠাই ভুক্তভোগী গৰাকীক শিলচৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বৰ কালাইনৰ এখন হোটেললৈ নি লগত থকা মহিলা গৰাকী আৰু চিকিৎসক জনে ভুক্তভোগী যুৱতী গৰাকীক বলপূৰ্বকভাৱে মদ্যপান কৰোৱায় ৷