শিলচৰ,19 জানুৱাৰী: চৰকাৰী নিযুক্তিত বিভিন্ন সময়ত বঙালী লোকসকলক বঞ্চিত কৰাৰ অভিযোগত বৰাকত বংগ সাহিত্য সংস্কৃতি সম্মিলনৰ ধৰ্ণা কাৰ্যসূচী ৷ কাছাৰ জিলাৰ ক্ষুদিৰাম বসুৰ প্ৰতিকৃতিৰ কাষত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে ৷
বৰাকত বংগ সাহিত্য সংস্কৃতি সম্মিলনৰ ধৰ্ণা কাৰ্যসূচী - ধৰ্ণা কাৰ্যসূচী ৰূপায়ন
চৰকাৰী নিযুক্তিত বঙালী সম্প্ৰদায়ৰ আবেদনকাৰী সকলক অৱজ্ঞা কৰাৰ অভিযোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে বংগ সাহিত্য সংস্কৃতি সম্মিলনে ৷
বৰাকত বংগ সাহিত্য সংস্কৃতি সম্মিলনৰ ধৰ্ণা কাৰ্যসূচী
দীৰ্ঘদিনৰ পৰা চৰকাৰী নিযুক্তিত বঙালী সম্প্ৰদায়ৰ আবেদনকাৰী সকলক অৱজ্ঞা কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে বৰাকৰ বিভিন্ন দল সংগঠনে ৷ তাৰ পাচতে মঙলবাৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰদান কৰে সংগঠটোৱে ৷
লগতে পঢ়ক :কৰিমগঞ্জত ড্ৰাগছ সৰবৰাহত জড়িত আছে কাৰাগাৰৰ সুৰক্ষা কৰ্মী