শিলচৰ, 30 আগষ্ট : হাইলাকান্দি জিলাৰ কাটাখাল আৰু জানকীবাজাৰ পথৰ কাটাখাল অংশত ৰেলপথত লেভেল ক্রচিং স্থাপনৰ বাবে তোলা দাবী পূৰণ নোহোৱাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৷ ইয়াৰ প্রতিবাদত গণতান্ত্রিক পদ্ধতিত আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত লৈছে ‘স্বচ্ছ’ নামৰ
সামাজিক সংগঠনটোৱে । অহা 21 ছেপ্টেম্বৰৰ পৰা ৰেলপথত লেভেল ক্রচিং স্থাপনৰ দাবীত কাটাখাল ৰেল জংচনত অবিৰত অনশন ধর্মঘট গঢ়ি তুলিব সংগঠনটোৱে ।
ৰেল লেভেল ক্ৰচিঙ স্থাপনৰ দাবীত প্ৰতিবাদৰ হুংকাৰ কাটাখালত - লেভেল ক্রচিং
বহু প্রতীক্ষিত হাইলাকান্দি জিলাৰ কাটাখাল আৰু জানকীবাজাৰ সংযোগী পথৰ কাটাখাল অংশটোত ৰেলপথৰ লেভেল ক্রচিঙৰ দাবী বাস্তবায়িত নোহোৱাৰ প্রতিবাদত গণতান্ত্রিক পদ্ধতিত আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত ‘স্বচ্ছ’ নামৰ সামাজিক সংগঠনৰ ।
railway level crossing
দেওবাৰে কাটাখালত সংবাদ মেলত ৰেল লেভেল ক্রচিঙৰ দাবীত আন্দোলনৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে স্বচ্ছ নামৰ সামাজিক সংগঠনৰ সাধাৰণ সম্পাদক তথা সংগ্রামী ছাত্র নেতা চাইদুৰ ৰহমানে । পূৰ্বৰে পৰা এই দাবী লৈ সংগঠন সহ স্থানীয় ৰাইজে আন্দোলন কৰি আহিছে ৷
লগতে পঢ়ক :কৰ’ণা আক্ৰান্তৰ মৃতদেহ সৎকাৰক কেন্দ্ৰ কৰি নগাঁৱত হাহাকাৰ