কাছাৰ, 22 জুন:বৰাক উপত্যকাৰ কাছাৰ জিলাত সংঘটিত হৈছে এক চাঞ্চল্যক ঘটনা ৷ সোমবাৰে কাছাৰ জিলাৰ চৈদপুৰত উদ্ধাৰ হৈছে এটা অচিনাকি মৃতদেহ ৷ বিয়লি ভাগত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ তাৰ পাচতে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে ৷ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত আৰক্ষী (POLICE) উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
উল্লেখযোগ্য যে, উদ্ধাৰ কৰাৰ সময়ত আৰক্ষীয়ে মৃতদেহটোৰ মুখত এখন ৰুমালেৰে ঢাকি থোৱা অৱস্থাত পায় ৷ লগতে মৃতদেহটো পৰি থকা স্থানৰ কাষতে এটা চিৰিঞ্জ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ আনহাতে মৃতদেহটোৰ ডিঙিত আঘাটৰ চিন পৰিস্ফুট হৈ আছে বুলিও সদৰি কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে মৃত যুৱকজনে পৰিধান কৰি থকা পোছাকৰ পৰা এটা ম’বাইল ফোনো উদ্ধাৰ কৰে ৷
আনহাতে সমগ্ৰ ঘটনাটো হত্যা নে আন কিবা বুলি আৰক্ষীক সাংবাদিকে সোধাত আৰক্ষীয়ে উল্লেখ কৰে যে, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পাচতে জানিব পৰা যাব এয়া হত্যা নে আত্মহত্যা বা অন্য বেলগ ঘটনা ৷ সম্প্ৰতি সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ উল্লেখযোগ্য যে, ৰাজ্যত এনেধৰণৰ ঘটনা বিভিন্ন সময়ত পোহৰলৈ আহিছে ৷ এনেদৰে অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সম্প্ৰতি কাছাৰ জিলাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷