অসম

assam

ETV Bharat / state

কাছাৰত পথৰ দাঁতিত যুৱকৰ মৃতদেহ উদ্ধাৰ - Dead body recovered

শুকুৰবাৰে কাছাৰৰ ময়নাৰবন্দ পথত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য ৷ স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো ৷ মৃত যুৱকজনৰ শৰীৰত বহু আঘাতৰ চিন পোৱা গৈছে ৷

কাছাৰত মৃতদেহ উদ্ধাৰ
কাছাৰত মৃতদেহ উদ্ধাৰ

By

Published : Jul 3, 2020, 9:37 PM IST

কাছাৰ, 3 জুলাই : কাছাৰ জিলাৰ ময়নাৰবন্দ পথত শুকুৰবাৰে উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ ৷ যুৱকজনৰ নাম অনুপ নাথ আৰু তেওঁৰ ঘৰ উত্তৰ কৃষ্ণপুৰত বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, স্থানীয় লোকে মৃতদেহটো পথৰ কাষত প্ৰত্যক্ষ কৰাৰ পিছত খবৰ দিয়ে আৰক্ষীক ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ যুৱকজনক কোনোবাই হত্যা কৰি পথৰ কাষত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰে আৰক্ষী আৰু স্থানীয় ৰাইজে ৷

কাছাৰত মৃতদেহ উদ্ধাৰ

মৃত যুৱকজনৰ শৰীৰত বহু আঘাতৰ চিন পৰিলক্ষিত হৈছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : স্বামীৰ দাৰ ঘাপত প্ৰাণ গ'ল পত্নীৰ

ABOUT THE AUTHOR

...view details