অসম

assam

ETV Bharat / state

বৰখলাৰ জাতিংগা নদীত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ - জাতিংগা নদীত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ

বৰখলা সমষ্টিৰ অন্তৰ্গত পুৰন্দৰপুৰৰ জাতিংগা নদীত শনিবাৰে দুপৰীয়াৰ উপঙি থকা অৱস্থাত উদ্ধাৰ হয় এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ ৷

অচিনাক্ত মহিলাৰ মৃতদেহ
অচিনাক্ত মহিলাৰ মৃতদেহ

By

Published : Aug 1, 2020, 7:23 PM IST

Updated : Aug 1, 2020, 7:45 PM IST

কাছাৰ, 1 আগষ্ট:শনিবাৰে দুপৰীয়া বৰখলা সমষ্টিৰ অন্তৰ্গত পুৰন্দৰপুৰৰ জাতিংগা নদীত উদ্ধাৰ হয় এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ ৷ মহিলা গৰাকীৰ মৃতদেহ নদীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলবাসীৰ মাজত ৷ মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পাচতে স্থানীয় লোকে এই বিষয়ে অৱগত কৰে বৰখলা আৰক্ষীক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত বৰখলা আৰক্ষীৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে মহিলা গৰাকীৰ মৃতদেহ ৷ মুখমণ্ডল সম্পূৰ্ণৰূপে উৱলি যোৱা মহিলাগৰাকীৰ মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰি প্ৰেৰণ কৰিছে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷

বৰখলাৰ জাতিংগা নদীত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ
Last Updated : Aug 1, 2020, 7:45 PM IST

ABOUT THE AUTHOR

...view details