শিলচৰ,৫আগষ্ট: কাছাৰ জিলাৰ ধলাইৰ এগৰাকী প্ৰতিস্থিত ব্যৱসায়ী কানু পাল । অত্যাধিক জ্বৰ আৰু কাঁহত আক্ৰান্ত হোৱা কানু পাল নামৰ এইগৰাকী ব্যৱসায়ীক চিকিৎসাধীন কৰা হৈছিল শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ।
ক'ৰণাত আক্ৰান্ত হৈ মৃত্যুক সাৱতিলে ধলাইৰ এগৰাকী প্ৰতিস্থিত ব্যৱসায়ীয়ে
জ্বৰ আৰু কাঁহত আক্ৰান্ত হোৱাৰ বাবে যোৱা ২৮ জুলাইত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ধলাইৰ কানু পাল নামৰ এগৰাকী প্ৰতিস্থিত ব্যৱসায়ীক । গুৰুতৰভাবে অসুস্থ হৈ পৰা ব্যৱসায়ী গৰাকীৰ শৰীৰত পোৱা গৈছিল ক'ভিড-১৯ৰ ভাইৰাছ । ভেণ্টিলেশ্ব্যনত ৰাখি চিকিৎসা আগবঢ়োৱা হৈছিল যদিও অৱশেষত মঙ্গলবাৰে শেষ নিশ্বাস ত্যাগ কৰে প্ৰতিস্থিত ব্যৱসায়ী কানু পালে ।
ক'ৰণাত আক্ৰান্ত হৈ মৃত্যুক সাৱতিলে ধলাইৰ এগৰাকী প্ৰতিস্থিত ব্যৱসায়ীয়ে
দেহত ক'ভিড ১৯ পজিটিভ পোৱা বৱসায়ী গৰাকীক প্ৰথমে আইচিইউ আৰু তাৰ পিছত ভেণ্টিলেশ্ব্যনলৈ স্থানান্তৰিত কৰি চিকিৎসা প্ৰদান কৰা হৈছিল । অৱশেষত মঙ্গলবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰে প্ৰতিস্থিত ব্যৱসায়ী কানু পালে ।
মৃত ব্যৱসায়ী কানু পালক সম্পূৰ্ণ চৰকাৰী নিয়মৰ মাজেৰে এগৰাকী জিলা দণ্ডাধীশ আৰু আৰক্ষীৰ উপস্থিতিত ধলাই শ্মশানঘাটত সৎকাৰৰ ব্যৱস্থা কৰা হয় ।