অসম

assam

By

Published : Mar 11, 2020, 11:10 PM IST

ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ বৰাকত কৰ’না ভাইৰাছত আক্ৰান্তৰ খবৰ নসাৎ কৰিলে স্বাস্থ্য বিভাগে

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ পৰিল শিলচৰত ৷ এদিন পূৰ্বে বৰাকত কৰ’না ভাইৰাছত এজন যুৱক আক্ৰান্ত হোৱা বুলি ছ’চিয়েল মেডিয়াযোগে খবৰ ভাইৰেল হৈছিল ৷ এই সম্পৰ্কে ইটিভি ভাৰতত বাতৰি প্ৰকাশ পোৱাৰ পিছত একেমুখে খবৰটো নসাৎ কৰিলে স্থানীয় স্বাস্থ্য সঞ্চালকে ৷

কৰ’না ভাইৰাছত আক্ৰান্তৰ খবৰ নসাৎ
কৰ’না ভাইৰাছত আক্ৰান্তৰ খবৰ নসাৎকৰ’না ভাইৰাছত আক্ৰান্তৰ খবৰ নসাৎ

শিলচৰ,11 মাৰ্চঃ বৰাক উপত্যকাত কোনো ব্যক্তি কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা নাই ৷ এই কথা সদৰী কৰে স্বয়ং জিলা স্বাস্থ্য সঞ্চালকে । জিলাখনৰ লক্ষীপুৰ মহকুমাৰ শিৱপুৰ দ্বিতীয় খণ্ডগাঁৱৰ ফাৰুক হুচেইন বড়ভূঞা নামৰ যুবকজন এই ভাইৰাছত আক্ৰান্ত হোৱা বুলি সামাজিক মাধ্যমত এক খবৰ ভাইৰাল হৈছিল ৷ যুৱকজনৰ বিৰুদ্ধে স্বাস্থ্য বিভাগৰ লগতে শিলচৰ চিকিৎসা মহাবিদ্যালয়ে খোদ এই অভিযোগ উত্থাপন কৰিছিল ৷ কিন্তু ইটিভি ভাৰতত বাতৰি প্ৰকাশৰ পিছত আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি স্পষ্টীকৰণ দিবলৈ নিৰ্দেশ দিছিল স্বাস্থ্য বিভাগক । কিন্তু পূৰ্বৰ সকলো অভিযোগ নসাৎ কৰি বিভাগটোৱে এনে কোনো ঘটনা সংঘটিত হোৱা নাই বুলি স্পষ্টীকৰণ প্ৰকাশ কৰে ৷

কৰ’না ভাইৰাছত আক্ৰান্তৰ খবৰ নসাৎ

ABOUT THE AUTHOR

...view details