অসম

assam

ETV Bharat / state

কৰ‘ণা ভাইৰাছত আক্ৰান্তৰ এক মিছা অপবাদ !

কৰ’ণা ভাইৰাছৰ এক মিছা অপবাদৰ ফলত হাৰাশাস্তিৰ সন্মুখীন হৈছে কাছাৰ জিলাৰ লক্ষীপুৰ মহকুমাৰ শিবপুৰ দ্বিতীয় খণ্ড গাঁওৰ এজন যুৱক ৷ উপযুক্ত তদন্তৰ দাবী ভুক্তভোগীৰ ৷

By

Published : Mar 11, 2020, 2:31 AM IST

Updated : Mar 11, 2020, 2:57 AM IST

Corona Virus Fake reumour
কৰ‘ণা ভাইৰাছত আক্ৰান্তৰ এক মিছা অপবাদ !

শিলচৰ, 11 মাৰ্চ:সমগ্ৰ বিশ্বৰ লগতে সমগ্ৰ দেশত এতিয়া কৰ’ণা ভাইৰাছৰ আতংক ৷ কিন্তু এতিয়া কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা এটা মিছা অপবাদে নানান সমস্যাৰ সৃষ্টি কৰিছে এজন যুৱকৰ ৷ দিল্লীৰ পৰা বিমানেৰে নিজ ঘৰলৈ আহিছিল কাছাৰ জিলাৰ লক্ষীপুৰ মহকুমাৰ শিৱপুৰ দ্বিতীয়খণ্ড গাঁৱৰ ফাৰুক হুচেইন বড়ভূঞা নামৰ যুৱকজন ৷ যোৱা 9 মাৰ্চত দিল্লীৰ পৰা কুম্ভীৰগ্ৰাম বিমানবন্দৰত অৱতৰণ কৰিছিল যাত্ৰীজন । বিমানবন্দৰত থকা মেডিকেল দলে কৰ’ণা ভাইৰাছৰ পৰীক্ষা কৰি যুৱকজনক শিলচৰ মেডিকেল কলেজত টেষ্ট কৰিবলৈ পৰামৰ্শ দিছিল । সেই মৰ্মে শিলচৰ মেডিকেল কলেজত টেষ্ট কৰাৰ পিচত বিশেষজ্ঞ চিকিৎসকে যুৱকজনৰ দেহত কৰ’ণা ভাইৰাছৰ অৱস্থিতি নাপায় ঘৰলৈ যাবলৈ দিয়ে ৷ কিন্তু ঘৰলৈ উভতি যোৱাৰ পিছত বিভিন্ন সামাজিক মাধ্যমত কৰ’ণা ভাইৰাছত আক্ৰান্ত থকা বুলি খবৰ বিয়পি পৰাত হতচকিত হৈ পৰে যুৱকজন ৷ ফলত নানান সমস্যাত ভোগিবলগীয়া হৈছে যুৱকজন ৷

কৰ’ণা ভাইৰাছৰ এক মিছা অপবাদৰ ফলত হাৰাশাস্তিৰ সন্মুখীন যুৱক

তেওঁৰ ধাৰণা, বিমানবন্দৰৰ মেডিকেল দলৰ মানুহ অথবা শিলচৰ মেডিকেল কলেজৰ কোনোবা লোকেই এই ভুল খবৰটো ছ’চিয়েল মিডিয়াত ভাইৰেল কৰিছে ৷ ইয়াৰ লগতে মেডিকেল কলেজৰ এটা ৱাটছএপ গ্ৰুপতো এনে সংবাদ ওলাইছে বুলি জানিবলৈ দিয়ে যুৱকজনে । কিন্তু যিয়ে নহক এনে ভুল বাৰ্তা প্ৰচাৰ কৰাৰ বিৰুদ্ধে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনাই অন্যাথা এক চাইবাৰ অপৰাধত আৰক্ষীৰ কাষ চাপিব যুৱকজন ৷ এতিয়া পৰৱৰ্তী সময়তে জানিব পৰা যাব আচলতে কোনে আৰু কিয় এই অপবাদটো ভাইৰেল কৰিছিল ৷

লগতে চাওক- কৰ'ণা ভাইৰাছ আতংক : 35 শতাংশলৈ হ্ৰাস মূৰ্গীৰ বিক্ৰী

Last Updated : Mar 11, 2020, 2:57 AM IST

ABOUT THE AUTHOR

...view details