শিলচৰ,১ মাৰ্চঃ গোলাঘাট আৰু যোৰহাটত বিষাক্ত সুৰা সেৱন কৰি প্ৰায় ডেৰ শতাধিক লোকৰ মৃত্যু হোৱাৰ পাছত শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্ততৰ লগতে শিলচৰৰ কংগ্ৰেছ কৰ্মীসকলে শুকুৰবাৰে আবকাৰী বিভাগৰ বিৰুদ্ধে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী শিলচৰ কংগ্ৰেছ ভৱনৰ পৰা এক সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে।
আবকাৰী বিভাগৰ বিৰুদ্ধে শিলচৰত প্ৰতিবাদ - আৱকাৰী বিভাগ
প্ৰতিবাদী সমদল উলিওৱাৰ লগতে কংগ্ৰেছ কৰ্মীসকলে দাহ কৰে মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী আৰু আবকাৰী মন্ত্ৰীৰ পুত্তলিকা

শিলচৰ কংগ্ৰেছ কৰ্মীয়ে দাহ কৰিলে তিনি মন্ত্ৰীৰ পুত্তলিকা
শিলচৰ কংগ্ৰেছ কৰ্মীয়ে দাহ কৰিলে তিনি মন্ত্ৰীৰ পুত্তলিকা
আৱকাৰী বিভাগৰ চৰম গাফিলতিৰ অভিযোগ তুলি শিলচৰ জিলা কংগ্ৰেছে দাহ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,হিমন্ত বিশ্ব শৰ্মা আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পুত্তলিকা । লগতে পৰিমল শুক্লবৈদ্য হুচিয়াৰ,কংগ্ৰেছ জিন্দাবাদ আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে । প্ৰতিবাদকাৰীৰ অভিযোগ মন্ত্ৰী পৰিমল শুক্লবৈদ্য এজন বিফল মন্ত্ৰী ।