শিলচৰ, 5 অক্টোবৰ: বিজেপি দলৰ একাংশ নেতা কৰ্মীয়ে চৰকাৰী আচঁনিৰ নামত দুৰ্নীতিৰ অভিযোগ তুলি শিলচৰৰ পালংঘাটত স্থানীয় কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ ৷ অৰুনোদয় আঁচনিৰ লগতে অন্যান্য চৰকাৰী আঁচনীৰ সুবিধা সমূহ প্ৰদানৰ ক্ষেত্ৰত বিজেপি দলৰ এচাম নেতা কৰ্মীয়ে দুৰ্নীতি কৰি অহাৰ অভিযোগ পালংঘাট ব্লক কংগ্ৰেছ কৰ্মী সকলৰ ৷ বৃহস্পতিবাৰে পালংঘাট ব্লক কংগ্ৰেছৰ কৰ্মী সকলে বিজেপি শাসিত চৰকাৰ আৰু দলচোৰ এচাম নেতা কৰ্মীৰ দুৰ্নীতিৰ প্ৰতিবাদৰ লগতে ঘেৰাও কৰে পালংঘাট খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় ৷
আঁচনি ৰূপায়নত দুৰ্নীতিৰ অভিযোগত পালংঘাটত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ - silchar
অৰুনোদয় আঁচনিৰ নামত একাংশ বিজেপি নেতা পালিনেতাই দুৰ্নীতি সংঘটিত কৰি অহাৰ অভিযোগেৰে কাচাৰত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ ৷ বিজেপি দলৰ একাংশ নেতা কৰ্মীয়ে চৰকাৰী আচঁনিৰ নামত দুৰ্নীতিৰ অভিযোগ তুলি পালংঘাট ব্লক কংগ্ৰেছৰ কৰ্মীয়ে ঘেৰাও কৰিলে পালংঘাট খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় ৷ প্ৰতিবাদকাৰী সকলে খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে উপায়ুক্তলৈ প্ৰেৰণ কৰিলে এখন স্মাৰক পত্ৰ ৷
আঁচনি ৰূপায়নত দুৰ্নীতিৰ অভিযোগত পালংঘাটত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ
ব্লক কংগ্ৰেছৰ দায়িত্বত থকা হীৰক দাসৰ নেতৃত্বত কংগ্ৰেছৰ দলটোৱে কাছাৰ জিলাৰ ধলাইৰ পালংঘাট খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰে ৷ খণ্ড উন্নয়ন বিষয়া গৰাকীৰ যোগেদি কাছাৰ জিলাৰ উপায়ুক্তলৈ প্ৰতিবাদকাৰীসকলে প্ৰেৰণ কৰে এক স্মাৰকপত্ৰ ৷ ব্লক কংগ্ৰেছৰ সভাপতি সুধীৰ দাস, ঋষিকেশ দে,শ্যামবাবু ৰয়কে আদি কৰি বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে ভাগ লয় এই প্ৰতিবাদী কাৰ্যসূচীত ৷
লগতে পঢ়ক:এ আই ইউ ডি এফৰ কোনো মুখ্যমন্ত্ৰী নহয় : বদৰুদ্দিন আজমল