অসম

assam

ETV Bharat / state

শিলচৰ ডিটেনশ্বন কেম্পত জয়ৰাম ৰমেশ !

ডিটেনশ্বন কেম্পত মানব অধিকাৰ উলংঘন হৈছে ৷ যিসকল শৰণাৰ্থী বন্দী হোৱাৰ 3 বছৰ অতিক্ৰম হৈছে তেওঁলোকক মুক্তি দিব লাগে ৷ কিন্তু বহু শৰণাৰ্থীৰ 3 বছৰ অতিক্ৰম কৰা পাচতো তেওঁলোকক মুক্তি দিয়া হোৱা নাই ৷

By

Published : Nov 7, 2019, 6:09 PM IST

শিলচৰ ডিটেনশ্বন কেম্পত উপস্থিত AICC ৰ প্ৰতিনিধি দল

শিলচৰ, 7 নৱেম্বৰঃ শিলচৰ ডিটেনশ্বন কেম্প পৰিদৰ্শন কৰিলে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ এক উচ্চস্তৰীয় কমিটিয়ে ৷ কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ পৰা পোনে পোনে শিলচৰ চেন্ট্ৰল জেলৰ ভিতৰত থকা ডিটেনশ্বন কেম্পত উপস্থিত হয় দলটো ৷ প্ৰতিনিধি দলে ডিটেনশ্বন কেম্পত থকা সকলৰ বুজ লোৱাৰ উপৰিও তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰে ৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশৰ নেতৃত্বত অহা প্ৰতিনিধি দলত উপস্থিত থাকে জিতেন্দ্ৰে সিঙ, মানিকৰাম ঠাকুৰ, মুকুল ৱাছনিক, এমডি আলি খান, ৰিপুন বৰাৰ লগতে সুস্মিতা দেৱ ৷ পৰিদৰ্শনৰ পাচত জয়ৰাম ৰমেশে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপাত কয়, ডিটেনশ্বন কেম্পত মানব অধিকাৰ উলংঘন হৈছে ৷ যিসকল শৰণাৰ্থী বন্দী হোৱাৰ 3 বছৰ অতিক্ৰম হৈছে তেওঁলোকক মুক্তি দিব লাগে ৷ কিন্তু বহু শৰণাৰ্থীৰ 3 বছৰ অতিক্ৰম কৰা পাচতো তেওঁলোকক মুক্তি দিয়া হোৱা নাই ৷ তাৰোপৰি ডিটেনশ্বন কেম্পত বন্দী হৈ থকা বাংলাদেশী ঘোষিত 17 গৰাকী শৰণাৰ্থী নিজ দেশলৈ যাব বিচৰাৰ পাচতো বৰ্তমানলৈকে পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ যাৰ বাবে এই সমগ্ৰ পৰিবেশ সন্দৰ্ভত বুজ লৈ কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীক প্ৰতিবেদন দাখিল কৰিব বুলি মন্তব্য কৰে জয়ৰাম ৰমেশে ৷

শিলচৰ ডিটেনশ্বন কেম্পত উপস্থিত AICC ৰ প্ৰতিনিধি দল

ABOUT THE AUTHOR

...view details