শিলচৰ, 16 জুলাই :দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভাৱনীয় মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত প্ৰতিবাদ অব্যাহত আছে ৷ বিশেষকৈ পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাত ৰাখিছে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ (AICC) লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৷ এইবাৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত শিলচৰ কপালে কংগ্ৰেছে ৷
পেট্ৰ’ল-ডিজেলৰ লগতে ৰন্ধন গেছৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত শিলচৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে শিলচৰ জিলা কংগ্ৰেছ কমিটীয়ে ৷ প্ৰতিবাদৰ লগতে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত গণ স্বাক্ষৰ গ্ৰহণ কৰে জিলা কংগ্ৰেছ কমিটীয়ে ৷ গণ স্বাক্ষৰ পত্ৰত শতাধিক লোকে স্বাক্ষৰ কৰাৰ লগতে প্ৰতিবাদী কাৰ্যসূচীতো শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷