অসম

assam

ETV Bharat / state

শিলচৰ কংগ্ৰেছ ভৱনত অনুষ্ঠিত কংগ্ৰেছৰ দলীয় সভা

নিৰ্বাচনী প্ৰাৰ্থীৰ তালিকাত প্ৰাৰ্থীত্ব লাভ কৰে শিলচৰৰ সাংসদ সুস্মিতা দেৱে

কংগ্ৰেছ ভৱনত কংগ্ৰেছৰ দলীয় সভা

By

Published : Mar 16, 2019, 3:01 PM IST

শিলচৰ , ১৬ মাৰ্চ :শুকুৰবাৰে লোক সভা নিৰ্বাচনৰ প্ৰথম খন প্ৰাৰ্থীৰ তালিকাতশিলচৰৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰে শিলচৰৰ সাংসদ সুস্মিতা দেৱে । প্ৰাৰ্থীত্ব লাভ কৰাৰ পাচতে আজি সুস্মিতা দেৱ আৰু মাতৃ বীথিকা দেৱীৰ উপস্থিতিত শিলচৰ কংগ্ৰেছ ভৱনত এখন দলীয় সভা অনুষ্ঠিত হয় ৷

কংগ্ৰেছ ভৱনত কংগ্ৰেছৰ দলীয় সভা

সুস্মিতা দেৱ শিলচৰৰ পৰা কংগ্ৰেছৰ এক মাত্ৰ দাবিদাৰ আছিল । উল্লেখ্য যে ২০১৬ চনত বিজেপিৰ উত্তৰপুৰ্বৰ জেষ্ঠ নেতা কবীন্দ্ৰ পুৰকায়স্থক পৰাজিত কৰিছিল সুস্মিতা দেৱে ৷ ইপিনে সুস্মিতা দেৱে প্ৰাৰ্থীত্ব পোৱাৰ বাবে সুখ প্ৰকাশ কৰিছে কংগ্ৰেছে । আনহাতে সুস্মিতাৰ জয় নিশ্চিত বুলি মন্তব্য কৰে জিলা কংগ্ৰেছে ৷ ইয়াৰোপৰিও প্ৰাৰ্থীত্ব পোৱাৰ বাবে শিলচৰৰ সাংসদ গৰাকীয়ে AICC আৰু APCC ক ধন্যবাদ জনাইছে ৷ এই সভাত খনত জিলা খনৰ প্ৰতিখন ব্লক , মন্ডলৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে ।

ABOUT THE AUTHOR

...view details