শিলচৰ,4 ফেব্ৰুৱাৰী:আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাজত মাথো এটা মাহ বাকী ৷ যাৰ বাবে এতিয়া নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে কাছাৰ জিলাৰ ধলাই সমষ্টিত অনুষ্ঠিত হল কংগ্ৰেছৰ জন হুংকাৰ ৰেলি ৷ এই জন হংকাৰ ৰেলিৰ মাধ্যমৰে কংগ্ৰেছৰ কেন্দ্ৰীয় আৰু প্ৰদেশ নেতৃত্বই বৰাকত বজালে নিৰ্বাচনী ৰণ ডংকা ৷ ৰেলিৰ পাছতে অনুষ্ঠিত হোৱা জনসভাত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে কংগ্ৰেছ নেতৃত্বই ৷ বিজেপি চৰকাৰ কেৱল ধনী সকলৰ চৰকাৰ বুলি উল্লেখ কৰি এইবাৰ ৰাইজে বিজেপিক উৎখাত কৰিব বুলি মন্তব্য কৰে কংগ্ৰেছৰ নেতা সকলে ৷ জনসভাত অংশগ্ৰহণ কৰি বিজেপিয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কামত বিধি পথালি দি বিদেশী নাগৰিকৰ সমস্যা জীয়াই ৰখাৰ চেষ্টা কৰিছে বুলি মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ লগতে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ মহাজোঁটৰ চৰকাৰ গঠন হ'ব বুলি মন্তব্য কৰে ৰিপুন বৰাই ৷
আনহাতে বৰ্তমান সময়ত ডিটেনচন কেম্পত বন্দী হৈ থকা 85 শতাংশ লোক হিন্দু বঙালী বুলি উল্লেখ কৰি ডিটেনচন কেম্পত এতিয়ালৈকে 56 গৰাকী হিন্দু-বাঙালী লোকৰ মৃত্যু হৈছে বুলি উল্লেখ কৰে কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ এনেদৰে হিন্দু বঙালী লোকক মৃত্যুৰ মুখলৈ ঠেলি দিয়া আৰু নিৰ্বাচনৰ পূৰ্বে হিন্দু-মুছলমানৰ আৱেগিক ৰাজনীতি কৰা বিজেপিক ভোট নিদিবলৈ আহ্বান জনাই সাংসদ গৰাকীয়ে ৷ ইফালে অসমত যুৱক-যুৱতীক সংস্থাপন দিয়াৰ দাবী কৰি অহা বিজেপি চৰকাৰক চাকৰি পোৱা সকলে ভোট দিয়ক বুলি মন্তব্য কৰি চাকৰি নোপোৱা সকলে কংগ্ৰেছক ভোট দিয়ক বুলি মন্তব্য কৰে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰিপুন বৰাই ৷