শিলচৰ, 31 জুলাই :অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত সংঘটিত হোৱা ঘটনাক লৈ ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল-সংগঠনে এই ঘটনাক লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উক্ত ঘটনাত জড়িত দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে ৷ ইয়াৰ মাজতে সমগ্ৰ ঘটনাটোৰ আঁৰত অন্য ৰাজনীতি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজৰ দলৰ লগতে কংগ্ৰেছ দলে ৷ ইয়াৰ মাজতে সীমান্ত সমস্যাৰ নেপথ্যত কংগ্ৰেছ দল বুলি মন্তব্য কৰিছে কৃষিমন্ত্ৰী অতুল বৰা (Atul Bora) ই ৷
মন্ত্ৰী অতুল বৰাই শুকুৰবাৰে হাইলাকান্দিত উপস্থিত হৈ এই মন্তব্য কৰে ৷ লগতে সংবাদ মাধ্যমৰ আগত তেঁও মত প্ৰকাশ কৰি কয় যে, কংগ্ৰেছ চৰকাৰেহে অসমত সীমান্ত সমস্যাৰ সৃষ্টি কৰিছিল ৷ কংগ্ৰেছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহ গঠন কৰাৰ সময়তে সৃষ্টি কৰিছিলে এই সমস্যা ৷ ৰাজ্যত কংগ্ৰেছ দলৰ চৰকাৰ শাসনত থকাৰ সময়তে প্ৰতিবেশী ৰাজ্যই অসমৰ ভূমি দখল কৰিছিল বুলি মন্তব্য কৰে অগপৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাই ৷
উল্লেখ্য যে, হাইলাকান্দিত ক'ভিডত স্বামীহাৰা হোৱা 11 গৰাকী মহিলাক ৰাজ্য চৰকাৰ পৰা আৰ্থিক সাহাৰ্য প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি এই মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই ৷