অসম

assam

By

Published : Oct 10, 2020, 10:03 PM IST

ETV Bharat / state

কংগ্ৰেছৰ পৰা বহিষ্কাৰ ৰুমী নাথক

প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰুমী নাথক কংগ্ৰেছৰ পৰা বহিষ্কাৰ ৷ শনিবাৰে দলৰ পৰা বহিস্কাৰ কৰা হয় বিতৰ্কিত বিধায়িকা গৰাকীক ৷

RUMI NATH
RUMI NATH

কাছাৰ, 10 অক্টোবৰ : বৰখলাৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰুমী নাথক কংগ্ৰেছৰ পৰা বহিষ্কাৰ ৷ বহিষ্কৃত হোৱাৰ পাচতে ৰুমী নাথে মন্তব্য কৰে যে, দলে গ্ৰহণ কৰা এই সিদ্ধান্তত তেওঁ মৰ্মাহত ৷ কালিলৈকে কংগ্ৰেছৰ হৈ কাম কৰি থকাৰ পাচত হঠাৎ দলে এইদৰে বহিষ্কাৰ কৰাতো অনুচিত ৷ লোকসভা নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনতো কংগ্ৰেছৰ হৈ কাম কৰা বুলি উল্লেখ কৰে ৰুমী নাথে ৷ অৱশ্যে বহিষ্কৃত হ’লেও নিৰবাচন খেলাৰ মোহ এৰি দিয়া নাই ৰুমী নাথে ৷ আগন্তুক নিৰ্বাচনত বৰখলাৰ পৰা পুনৰ নিৰ্বাচন খেলিব বুলি মত প্ৰকাশ কৰিছে ৷

ABOUT THE AUTHOR

...view details