অসম

assam

By

Published : Feb 20, 2021, 1:57 PM IST

ETV Bharat / state

কাছাৰত কংগ্ৰেছৰ 'অসম বচাও অভিযান'ত অঘটন

কংগ্ৰেছৰ 'অসম বচাও অভিযান'ত অঘটন ৷ বহিৰাগত কংগ্ৰেছ মনোনয়ন প্ৰত্যাশীৰ জয়ধ্বনিক লৈ কংগ্ৰেছৰ দুইপক্ষৰ মাজত হতাহতি ৷

কাছাৰত কংগ্ৰেছৰ 'অসম বচাও অভিযান'ত অঘটন
কাছাৰত কংগ্ৰেছৰ 'অসম বচাও অভিযান'ত অঘটন

শিলচৰ, ২০ ফেব্ৰুৱাৰী: কংগ্ৰেছৰ 'অসম বচাও অভিযান'ত অঘটন ! দলীয় নেতা-কৰ্মীৰ মাজত হতাহতি । বহিৰাগত কংগ্ৰেছ মনোনয়ন প্ৰত্যাশীৰ জয়ধ্বনিক লৈ কংগ্ৰেছৰ দুইপক্ষৰ মাজত হতাহতি ৷ 'অসম বচাও অভিযান'ৰ পৰা হলগৈ কংগ্ৰেছ বচাও অভিযান । নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ মাজত হতাহতি, বাক-বিতণ্ডা ।

২০২১ ৰ বিধান সভা নিৰ্বাচনক সম্মুখত ৰাখি অসম প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰিছে 'অসম বচাও অভিযান' শীৰ্ষক কাৰ্যসূচী । তাৰেই অংশ হিচাপে যোৱা তিনিদিন ধৰি কাছাৰ জিলাৰ বিভিন্ন সমষ্টিত জিলা কংগ্ৰেছে উক্ত অভিযান অব্যাহত ৰাখিছে ।

প্ৰতিদিনেই জিলাখনৰ প্ৰত্যেক সমষ্টিত সভা অনুষ্ঠিত কৰি কংগ্ৰেছ নেতাসকলে বিজেপিক সমালোচনা কৰি আহিছে ৷ তাৰ সমান্তৰালকৈ শুকুৰবাৰে জিলাখনৰ বৰখলা সমষ্টিত 'অসম বচাও অভিযান' শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত কৰিছিল । এই কাৰ্যসূচীত প্ৰাক্তন সাংসদ তথা সৰ্ব ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱ, প্ৰাক্তন মন্ত্ৰী অজিত সিং সহ কংগ্ৰেছৰ কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰে । কিন্তু এইখিনিতে ঘটিল অঘটন । 'অসম বচাও অভিযান'ৰ পৰা হলগৈ কংগ্ৰেছ বচাও অভিযান । কংগ্ৰেছৰ দুই পক্ষৰ মাজত প্ৰচণ্ড হতাহতিৰ সৃষ্টি হয় । সুস্মিতা দেৱৰ সমৰ্থনকাৰী আৰু তেওঁৰ বিৰোধীৰ মাজত এই হতাহতি ।

কাছাৰত কংগ্ৰেছৰ 'অসম বচাও অভিযান'ত অঘটন

সুস্মিতা দেৱৰ ঘনিষ্ঠ পাপন দেৱৰ জয়ধ্বনি দিয়াক লৈ দুইপক্ষৰ মাজত সৃষ্টি হয় এই হতাহতিৰ ঘটনা ৷ বৰখলাৰ স্থানীয় কংগ্ৰেছ কৰ্মীসকলৰ অভিযোগ অনুসৰি, সুস্মিতা দেৱে স্থানীয় টিকট প্ৰত্যাশীসকলক বাদ দি তেওঁৰ ঘনিষ্ঠ শিলচৰ সমষ্টিৰ বাসিন্দা পাপন দেৱক বৰখলা সমষ্টিত টিকট দিব বিচাৰিছে ৷ পাপনক লৈ বৰখলা সমষ্টিত সুস্মিতা দেৱে নিৰ্বাচনৰ বাবে বৰখলা সমষ্টিত দিনে-নিশাই ঘূৰি ফুৰিছে ৷ যাক লৈ দীৰ্ঘদিন ধৰি বৰখলাৰ কংগ্ৰেছ কৰ্মীসকল ক্ষোভিত হৈ আছিল ।

শুকুৰবাৰৰ 'অসম বচাও অভিযান'ত সুস্মিতা দেৱে পাপন দেৱ জিন্দাবাদ ধ্বনি দিয়াত কংগ্ৰেছৰ এটা পক্ষই বাধা আৰোপ কৰাত দুইপক্ষৰ মাজত সৃষ্টি হয় প্ৰচণ্ড হতাহতি ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় । দুয়োপক্ষৰ এই হতাহতি নিয়ন্ত্ৰণ কৰা হয় যদিও এতিয়াও কংগ্ৰেছৰ দুইপক্ষৰ মাজত উত্তেজনা বিৰাজ কৰিছে ৷

উল্লেখ্য যে, কাছাৰৰ প্ৰতিটো সমষ্টিতেই এইবাৰ সুস্মিতা দেৱ বিৰোধী বতাহ বলিছে আৰু এই বতাহেই এইবাৰ কাছাৰত কংগ্ৰেছৰ বাবে বিপদৰ সৃষ্টি কৰিব বুলি সম্ভাৱনা কৰা হৈছে ।

লগতে পঢ়ক:ধুবুৰীত বিজেপিৰ শক্তি প্ৰদৰ্শন

ABOUT THE AUTHOR

...view details