অসম

assam

ETV Bharat / state

ক্ৰীড়াংগনত চিৰাঙৰ মহিলা - চিৰাং জিলা ক্ৰীড়া বিভাগ

চিৰাং জিলা ক্ৰীড়া বিভাগৰ উদ্যোগত আৰম্ভ হোৱা উক্ত কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিটিচি পৰিষদীয় ক্ৰীড়া বিষয়া (চি এইচ ডি) যজ্ঞৱতী মহিলাৰীয়ে । পতাকা উত্তোলনেৰে আৰম্ভ হোৱা কাৰ্যসূচীত সম্বৰ্ধনা জনোৱা হয় এচিয়ান এথলিট চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক বিজয়ি চিৰাঙৰ অম্ব্ৰিকা নাৰ্জাৰিক৷

ক্ৰীড়াংগনত চিৰাঙৰ মহিলা

By

Published : Mar 23, 2019, 6:17 PM IST

চিৰাং, 23 মাৰ্চঃ শনিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ২৫ মাৰ্চলৈচিৰাঙত অনুষ্ঠিত হৈছে ষষ্ঠ বাৰ্ষিক আন্তঃবি টি এ ডি মহিলা ক্ৰীড়া সমাৰোহ । চিৰাং জিলাৰ সদৰ কাজলগাঁৱত আৰম্ভ হৈছে এই কাৰ্যসূচী ৷ চিৰাং জিলা ক্ৰীড়া বিভাগৰ উদ্যোগত আৰম্ভ হোৱা এইকাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিটিচি পৰিষদীয় ক্ৰীড়া বিষয়া (চি এইচ ডি) যজ্ঞৱতী মহিলাৰীয়ে ।

চিৰাঙত আৰম্ভ ষষ্ঠ বাৰ্ষিক আন্ত:বিটিএডি মহিলা ক্ৰীড়া সমাৰোহ
পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত সম্বৰ্ধনা জনোৱা হয় এচিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক বিজয়ী চিৰাঙৰ অম্ব্ৰিকা নাৰ্জাৰীক ৷ নাৰ্জাৰীয়ে 17 মাৰ্চত চীন দেশৰ হংকঙত অনুষ্ঠিত হোৱা এচিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত তৃতীয় স্থান লাভ কৰিছিল৷

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে চিৰাং জিলা ক্ৰীড়া বিষয়া দশৰথব্ৰহ্ম,বাক্সা জিলা ক্ৰীড়া বিষয়া নৱজ্যোতি বসুমতাৰী, চিৰাং জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি মনোলাল বসথমতাৰী, বৰ্তমান চিৰাং জিলা ক্ৰীড়া সন্থাৰ সাধাৰন সম্পাদক অমৃত নাৰ্জাৰী লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী ।

ষষ্ঠ বাৰ্ষিক আন্তঃবিটিএডি মহিলা ক্ৰীড়া সমাৰোহত বিটিএডিৰ প্ৰতিখন জিলাৰ পৰা সৰ্বমুঠ 74 গৰাকী মহিলা খেলুৱৈয়ে অংশ লোৱা বুলি জনায় চিৰাং জিলা ক্ৰীড়া বিষয়া দশৰত ব্ৰহ্মই । উক্ত সমাৰোহত ফুটবল, ভলীবল, দৌৰ ,কাবাডী আৰু আৰ্চাৰী খেল অনুষ্ঠিত হ'ব ।

উল্লেখ্য যেবিটিএডিত মহিলাসকলৰ প্ৰতিভা বিকাশৰ সুবিধা প্ৰদানৰ উদ্যেশ্যেৰে বিটিচি প্ৰশাসনে ক্ৰীয়া বিভাগৰ সহযোগত প্ৰতি বছৰে উক্ত প্ৰতিযোগীতাৰ আয়োজন কৰে ৷

ABOUT THE AUTHOR

...view details