শিলচৰ, 29 জানুৱাৰীঃশিলচৰ চহৰৰ ৰংপুৰ কৰাতিগ্ৰামত বৰাক নৈ'ৰ গৰা খহনীয়া মেৰামতিৰ কামত শিশু শ্ৰমিক নিয়োগ কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷ এজন দুজন নহয় কেবাজনো শিশু শ্ৰমিকৰ দ্বাৰা বিগত বহু দিন ধৰি গৰা খহনীয়াৰ কাম কৰোৱা বুলি অভিযোগ কৰে অঞ্চলবাসীয়ে ৷
শিলচৰত গৰা খহনীয়া মেৰামতিৰ কামত শিশু শ্ৰমিক নিয়োগ
শীঘ্ৰে শিশু শ্ৰমিকৰ কাম বন্ধ কৰাৰ লগতে বালি মাটিৰে বান্ধৰ কাম নকৰিলে ৰাইজে আন্দোলনত নামিব বুলি জানিবলৈ দিয়ে সাধাৰণ ৰাইজে ৷
গৰা খহনীয়া মেৰামতিৰ কামত শিশু শ্ৰমিক নিয়োগ
ইয়াৰোপৰি, খহনীয়া ৰোধ কৰিবলৈ বান্ধ নিৰ্মাণ বাবে বালি মাটিৰ পৰিৱৰ্তে বৰাক নৈৰ মাটি ব্যৱহাৰ কৰা বুলিয়ো অভিযোগ কৰে স্থানীয় লোকে ৷ শীঘ্ৰে শিশু শ্ৰমিকৰ কাম বন্ধ কৰাৰ লগতে উন্নত মানদণ্ডৰে বান্ধৰ কাম আৰম্ভ কৰিবলৈ দাবী জনায় সাধাৰণ ৰাইজে ৷
লগতে পঢ়কঃ গণতান্ত্ৰিক প্ৰতিবাদৰ মূল্য নিদিলে, হাতত অস্ত্ৰ তুলি ল'ব কোচ ৰাজবংশীয়ে: অতুল বৰ্মন