কাচাৰ, 7 জানুৱাৰীঃকেন্দ্ৰীয় চৰকাৰৰ এটা সঁজাতি দলে মঙলবাৰে শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত থকা ডিটেনশ্যন কেম্প ভ্ৰমণ কৰে ৷ এই দলটোত উপস্থিত আছিল এইছ. এছ. সিং, অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ ডি. শইকীয়া আৰু ডি. মুখাৰ্জী ৷
শিলচৰৰ ডিটেনশ্যন কেম্পত উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ দল - Central team visits Silchar Detention camp
শিলচৰৰ ডিটেনশ্যন কেম্পত উপস্থিত হ'ল কেন্দ্ৰীয় চৰকাৰৰ এটা সঁজাতি দল ৷ দলটোত উপস্থিত থাকে এইছ. এছ. সিং, অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ ডি. শইকীয়া আৰু ডি. মুখাৰ্জী ৷

কেন্দ্ৰীয় চৰকাৰৰ সঁজাতি দল
কেন্দ্ৰীয় চৰকাৰৰ সঁজাতি দল
ডিটেনশ্যন কেম্পত উপস্থিত হৈ সঁজাতি দলৰ সদস্য ডি. শইকীয়াই জানিবলৈ দিয়ে যে, তেওঁলোকে বন্দী শিবিৰসমূহত থকা লোকসকল আৰু তেওঁলোকৰ সন্তান কেনে অৱস্থাত আছে, কেনেধৰণৰ সুযোগ-সুবিধা লাভ কৰিছে আৰু কি কি সমস্যাৰ সন্মুখীন হৈছে সেই সম্পৰ্কত এখন প্ৰতিবেদন তৈয়াৰ কৰি কেন্দ্ৰীয় চৰকাৰৰ হাতত দিব লাগিব ৷ তেওঁ লগতে জনাই যে, ইতিমধ্যে কাগজ-পত্ৰ চাই আদালতৰ নিৰ্দেশত বহু কেইজন বন্দীক ৰেহাই দিয়া হৈছে ৷
আৰু পঢ়ক : অসম আৰক্ষীৰ শীৰ্ষ মহলত ব্যাপক সাল-সলনি